![]()
বিধানসভাৰ উপাধ্যক্ষ তথা বিধায়ক হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতন তথা প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে এগৰাকী কাৰ্বি মহিলাই উত্থাপন কৰিছে এই অভিযোগ।

৪১ বছৰীয়া জনজাতীয় মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি, হাব্বে টেৰণে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু ক্ষমতালৈ অহাৰ পিছত তেওঁৰ পৰা দূৰত্ব বজাই ৰখাৰ লগতে পাঁচবছৰীয়া সন্তানৰ দায়িত্ব গ্ৰহণৰ পৰাও আঁতৰি যোৱাৰ অভিযোগ মহিলাগৰাকীৰ।
ইফালে এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে বুধবাৰে প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈ লগতে ঘটনাটোৰ সত্য়াসত্য নিৰূপণৰ বাবে ডিএনএ পৰীক্ষাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ ই-মেইলযোগে এক পত্ৰ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে আইন প্ৰণয়ন কৰো বিধায়কসকলেই এতিয়া আইন ভংগকাৰীৰ অভিযোগৰ সন্মুখীন হৈছে। সেয়ে নাৰী নিৰ্যাতনৰ অভিযোগ উঠিলে সততে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া মুখ্যমন্ত্ৰীয়ে হাব্বে টেৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ ই-মেইল প্ৰেৰণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব বুলি কয়।
লগতে মণিপুৰৰ এগৰাকী কংগ্ৰেছ সাংসদ তথা জেএনইউৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত প্ৰতিবাদ কৰা বিজেপিৰ মহিলা মৰ্চাই হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰতো প্ৰতিবাদ কৰিবনে নকৰে বুলিও মীৰা বৰঠাকুৰে প্ৰশ্ন কৰে মহিলা মৰ্চাক প্ৰশ্ন কৰে। লগতে বিষয়টোৰ সত্যাসত্য নিৰূপণৰ বাবে ডিএনএ পৰীক্ষা কৰাৰ লগতে হাব্বে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ পৰা শীঘ্ৰে অপসাৰণ কৰিবলৈও মীৰা বৰঠাকুৰে দাবী জনায়।
উল্লেখ্য যে মঙলবাৰে ডিফুত এক সংবাদমেলত মহিলাগৰাকীয়ে দাবী কৰিছিল যে কলেজীয়া দিনৰ পৰা হাব্বে টেৰণৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও পৰিয়ালৰ সন্মতিত বেলেগৰ সৈতে বিয়াত বহে। কিন্তু কোভিডৰ সময়ত চিকিৎসাৰ বাবে ডাঃ হাব্বে টেৰণৰ সৈতে যোগাযোগ কৰাৰ সময়তে দুয়োৰে মাজত পুনৰ ঘনিষ্ঠতা গঢ়ি উঠে।
এই সময়ছোৱাতে তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয় বুলি মহিলাগৰাকীয়ে দাবী কৰে। কিন্তু হাব্বে টেৰণে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সন্তানটোৰ ভৰণ-পোষণৰ গ্ৰহণ কৰিব বুলি কৈছিল যদিও পিছত সেই প্ৰতিশ্ৰুতি পূৰণ নকৰে। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁলোকক গুৱাহাটীৰ এটা ভাৰাঘৰত ৰাখিছিল আৰু সন্তানটিক এখন বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল।
ইফালে হাব্বে টেৰণৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ ফলতে তেওঁৰ পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা বুলি দাবী কৰে। আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দিয়া সত্ত্বেও গোচৰ ৰুজু নকৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। এতিয়া এই অভিযোগ সন্দৰ্ভত পৰৱৰ্তী সময়ত ঘটনাই কি ৰূপ লয় সেয়া লক্ষণীয় হ’ব।













