বহুতে গুগল মেপ (Google Maps) ব্যৱহাৰ কৰি স্থান আৰু পথৰ আভাস লোৱাৰ অভ্যাস। কিন্তু সেই গুগল মেপ ব্যৱহাৰ কৰিয়ে বিপদত (Danger using Google Maps) পৰে ৫ বন্ধু (5 Friends)। সুজিত্য চাহু, সূৰ্য্য প্ৰকাশ মহন্ত, সুবন মহপাত্ৰ, হিমাংশু দাস আৰু অৰাক্ষিতা মহপাত্ৰ নামৰ পাঁচগৰাকী যুৱক-যুৱতীয়ে ওড়িশাৰ সপ্তাজ মন্দিৰ পৰিদৰ্শন (Visit to Saptaz Temple in Odisha) কৰিবলৈ গৈছিল। তাৰ পৰা তেওঁলোকে গুগল মেপৰ সহায় লৈ মন্দিৰৰ পৰা ওলাই অহাৰ পথ বিচাৰে। গুগল মেপ মতে তেওঁলোক আগবাঢ়ি গৈ থাকে। কিন্তু কিছু সময়ৰ পাছত তেওঁলোকে নিজকে গভীৰ অৰণ্যত আৱিষ্কাৰ কৰে। জানিব পৰা মতে, এই পাঁচগৰাকী কটকৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
যোৱা দেওবাৰে বাইকেৰে সপ্তাজ মন্দিৰলৈ গৈছিল তেওঁলোক। পুৱা ১১ মান বজাত মন্দিৰলৈ গৈছিল। মন্দিৰ আৰু মঠটো পাহাৰৰ ওপৰত অৱস্থিত। উভতি অহাৰ পথত গুগল মেপ খুলি লৈ গৈ থকাৰ কিছু সময়ৰ পাছত তেওঁলোক গভীৰ অৰণ্যত হেৰাই যায়। তেতিয়া ঘড়ীত দুপৰীয়া ২ বাজিছিল। কিন্তু তাৰ পৰাও আগবাঢ়ি গৈ সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত তেওঁলোক ভূষণিকোলাত উপস্থিত হয়, যিটো সাধাৰণ মানুহৰ বাবে নিষিদ্ধ অঞ্চল। দীৰ্ঘসময় চেষ্টাৰ অন্তত অৱশেষত তেওঁলোকে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ধেংকনাল আৰক্ষী আৰু বন বিভাগে দুটা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰে। প্ৰায় ১১ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা সম্ভৱ হয়।