পুনৰ শিৰোনামাত হাথৰচ। এইবাৰ উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ চহৰখনত ধৰ্মীয় অনুষ্ঠানত (Religious ceremonies) পদপিষ্ট হৈ মৃত্যু (Death in a stampede) হয় কেইবাজনো লোকৰ। উল্লেখ্য, ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰচত দলিত যুৱতীৰ দলবদ্ধ ধৰ্ষণক লৈ সমগ্ৰ দেশত উত্তেজনাৰ সৃষ্টি হৈছিল। এইবাৰ সেই হাথৰচৰে ঘটনাই পুনৰ সমগ্ৰ দেশক আলোড়িত কৰিছে। তাৰ লগে লগে প্ৰশাসনৰ ভূমিকা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
জানিব পৰা মতে, মঙলবাৰে ৰতিৱনপুৰত ধৰ্মীয় অনুষ্ঠান (Religious ceremonies in Rativanpur) চলি আছিল। অনুষ্ঠান শেষ হোৱাৰ লগে লগে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। বৃহৎসংখ্যক ভক্তৰ সমাগম হোৱাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু পদপিষ্টৰ ঘটনাৰ সৃষ্টি হয়। তাৰ ফলক প্ৰায় ২৭ গৰাকী লোকৰ মৃত্যু (27 people died) হয়।
জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে ঘটনা সন্দৰ্ভত কয়, “হাথৰচৰ মোগলাগৰী গাঁৱত ধৰ্মীয় অনুষ্ঠান চলি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। এই পৰ্যন্ত ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ২৩ গৰাকী মহিলা, ৩ গৰাকী শিশু আৰু এজন পুৰুষ। কেনেকৈ এই ঘটনা ঘটিল তাৰ তদন্ত চলি আছে।”