প্ৰতিবাদৰ অগনিত জ্বলিছে কেনিয়া (Kenya Protest)। মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে দিশহাৰা হৈছে সাধাৰণ জনতা। তাৰ মাজতে বাঢ়িছে কৰৰ বোজা । এই পৰিস্থিতিত মঙলবাৰে কেনিয়াৰ সংসদৰ এটা অংশত অগ্নি সংযোগ কৰা হয়।
![Kenia Protest I কেনিয়াত প্ৰতিবাদৰ জুই, ভাৰতীয়সকলক সাৱধান হ’বলৈ বাৰ্তা দূতাবাসৰ 3 Kenia Protest I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240626_122756.jpg?resize=640%2C424&ssl=1)
আনহাতে, আৰক্ষীৰ গুলীচালনাত মৃত্যু হয় ৫ প্ৰতিবাদকাৰীৰ। লগতে আহত লোকৰ সংখ্যা দুশ অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসে কেনিয়াত বসবাস কৰা ভাৰতীয়সকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।
প্ৰয়োজন অবিহনে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেনিয়াত থকা ভাৰতীয় দূতাবাসে এক্স হেণ্ডেলত পোষ্ট কৰি কয়, “পৰিস্থিতি বিবেচনা কৰি কেনিয়াত থকা ভাৰতীয়সকলক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। একেবাৰে প্ৰয়োজনীয় নহ’লে আন ক’লৈকো নাযাব। শান্ত নোহোৱালৈকে উত্তপ্ত এলেকা এৰাই চলক। শেহতীয়া পৰিস্থিতিৰ বাবে বাতৰিৰ ওপৰত নজৰ ৰাখক।”