তীব্ৰ গৰমৰ পিছত এইবাৰ বৰষুণত বিপৰ্য্যস্ত দিল্লী (Delhi)। শুকুৰবাৰে পুৱা ধাৰাসাৰ বৰষুণত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ ছাদৰ এটা অংশ ভাঙি পৰে।
ছাদৰ এটা অংশ ভাঙি কেইবাখনো গাড়ীৰ ওপৰত পৰাত কমেও ৮ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। মৃত্যু হৈছে এজনৰ। শুকুৰবাৰে পুৱা প্ৰায় ৫.৩০ বজাত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে দিল্লী অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। উদ্ধাৰকাৰ্য আৰম্ভ হয়।
ইতিমধ্যে এই ঘটনাৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। ইয়াৰে এটা ভিডিঅ’ত ছাদৰ এটা অংশ ভাঙি যোৱাৰ ফলত টাৰ্মিনেল ১ত থিয় হৈ থকা কেইবাখনো গাড়ী চেপেটা হৈ গৈছে।