কেজৰিৱাল (Kejriwal)ক চিবিআয়ে গ্ৰেপ্তাৰৰ বিৰুদ্ধে (CBI against arrest) এইবাৰ প্ৰতিবাদত নামিল আপ (AAP in protest)। শনিবাৰে বিজেপি দলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আপৰ নেতাসকলে। ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰ (Delhi Excise corruption case)ত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীক। আনহাতে, আজি আপৰ সকলো সাংসদ, বিধায়ক, কাউন্সিলাৰ আৰু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
দিল্লীৰ মন্ত্ৰী আতিশীও আজি প্ৰতিবাদ অভিযানত যোগদান কৰে। ইফালে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে প্ৰশাসনে। বেৰিকেডৰ সমান্তৰালকৈ নিৰাপত্তাৰ বাবেও সাজু আছিল সেনা। ইতিমধ্যে কেজৰিৱালক ৩ দিনৰ চিবিআইৰ জিম্মাত দিয়া হৈছে। তিহাৰ কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী। আনহাতে, আদালতে চিবিআইক তালৈ গৈ জেৰা কৰিবলৈ অনুমতি দিছে।