লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ৰ ‘হিন্দু’ সন্দৰ্ভত মন্তব্যৰ (Comments on ‘Hindu’) ফলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। দেওবাৰে ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণ সন্দৰ্ভত আলোচনাত ভাষণ দিবলৈ উঠে ৰাহুল গান্ধী। শাসকীয় মিত্ৰজোঁটৰ সাংসদসকলক সম্বোধন কৰি তেওঁ কয়, “যিসকলে নিজকে হিন্দু বুলি কয় তেওঁলোকে কেৱল হিংসা, ঘৃণা আৰু মিছা কথা কয়।” ইয়াৰ পিছতে প্ৰতিবাদ আৰম্ভ হয় । ৰাহুলে ক্ষমা খুজিব লাগে বুলি দাবী জনায় বিজেপিৰ সাংসদসকলে। আনকি ৰাহুলৰ ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ আসনৰ পৰা থিয় হৈ কয়, “সমগ্ৰ হিন্দু সম্প্ৰদায়ক হিংসাত্মক বুলি লেবেল লগোৱাটো অতি বিপজ্জনক।”
উল্লেখ্য, সোমবাৰে ৰাহুল গান্ধীয়ে ভাৰত আৰু অহিংসাৰ ধাৰণাটো বুজাবলৈ শিৱ, হজৰত মহম্মদ, গুৰু নানক আৰু যীশু খ্ৰীষ্টৰ ছবি দেখুৱায় । শিৱৰ ছবিখন দেখুৱাই তেওঁ কয়, “ভগৱান শিৱৰ ছবিখন দেখিলে বুজিব যে হিন্দুসকলে কেতিয়াও ভয়, হিংসা বিয়পাব নোৱাৰে। কিন্তু বিজেপিয়ে সকলো সময়তে ভয় আৰু ঘৃণা বিয়পাই আছে।” লগতে ৰাহুলে কংগ্ৰেছৰ হাতৰ প্ৰতীকক শিৱৰ অভয় মুদ্ৰাৰ সৈতে সংযোগ কৰে। একে সময়তে ৰায়বৰেলীৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “কেৱল মোডী, বিজেপি, আৰ এছ এছেই হিন্দু নহয়।” ইয়াৰ পিছতে লোকসভা উত্তাল হৈ পৰে ।
আনহাতে, ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ আহ্বান (Asks Rahul Gandhi to apologise) জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “তেওঁ (ৰাহুলে) নাজানে যে কোটি কোটি লোকে নিজকে গৌৰৱেৰে হিন্দু বুলি কয় । হিংসাক যিকোনো ধৰ্মৰ লগত জড়িত কৰাটো ভুল । তেওঁ ক্ষমা খুজিব লাগে।” ৰাহুলক আক্ৰমণ কৰাৰ সময়ত অমিত শ্বাহে কংগ্ৰেছৰ সময়ত জৰুৰীকালীন আৰু শিখবিৰোধী হিংসাৰ বিষয়টোও উত্থাপন কৰে।