বুধবাৰে গ্ৰেপ্তাৰ হ’ব নেকি সৎসংগৰ আয়োজক? এই কথা এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে। কিয়নো হাথৰচত ধৰ্মীয় অনুষ্ঠানত (Hathras Stampede Incident) ১২১ জন লোক পদপিষ্ট হৈ মৃত্যু হোৱাৰ পাছত পুৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা বৃহৎ দলে ধৰ্মীয় গুৰুজনাৰ আশ্ৰমত উপস্থিত হয়। কিন্তু গুৰুজনৰ কোনো সন্ধান পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
![Hathras Stampede Incident I হাথৰচৰ দুখজনক ঘটনাত মৃত্যু ১২১; কোন এই ভোলেবাবা? 3 Hathras Stampede Incident I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240703_133211.jpg?resize=688%2C388&ssl=1)
আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে উক্ত স্থান পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। ইফালে এই ঘটনাৰ তদন্তৰ বাবে এখন বিশেষ সমিতি গঠনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কমিটীৰ নেতৃত্বত আছে আগ্ৰাৰ অতিৰিক্ত ডিজিপি।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ফুলৰাই গাঁৱৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত মইনপুৰী অঞ্চলত ভোলেবাবাৰ এখন আশ্ৰম আছে। পদপিষ্টৰ কাণ্ডৰ পিছত তদন্ত সমিতিৰ সদস্যসকল উক্ত আশ্ৰমত উপস্থিত হয়। এই ঘটনাৰ লগত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে।
ইতিমধ্যে হাথৰচ কাণ্ডত প্ৰশাসনৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। এই দুৰ্যোগৰ কাৰণ সন্দৰ্ভতো আলোচনা হৈছে। মৃত্যুৰ বাবে আয়োজক সৎসংগ সমিতিক দোষাৰোপ কৰিছে বহুতে। বহুতে প্ৰশাসনৰ ফালে আঙুলিয়াই টোঁৱাইছে। বহুতে আকৌ দাবী কৰে যে এই ঘটনা আগমন ঘটা ভক্তসকলৰ হুৰমুৰৰ বাবেই হৈছে। উল্লেখ্য, নাৰায়ণ সাকাৰ হৰি ওৰফে সাকাৰ বিশ্ব হৰি ওৰফে ভোলেবাবাই মঙলবাৰে হাথৰচত সৎসংগৰ আহ্বান কৰে। তাৰ পৰিণতিতে ভিৰৰ ফলত পদপিষ্টৰ ঘটনা ঘটে। তাত কমেও ১২১ গৰাকী ভক্তৰ মৃত্যু হয়।
আনহাতে, স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নাৰায়ণ সাকাৰ ওৰফে ‘ভোলেবাবা’ নামৰ এজন স্বঘোষিত ধৰ্মীয় গুৰুৰ বাবে ‘মানৱ মংগল মিলন সদ্ভাৱনা কাৰ্যসূচী সমিতি’ৰ উদ্যোগত পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ সৎসংগৰ আয়োজন কৰা হয়।
সহস্ৰাধিক ভক্তই তাত অংশগ্ৰহণ কৰে। অনুৰাগীৰ অধিকাংশই আছিল মহিলা। লৰালৰিকৈ ওলাই যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত সৎসংগৰ আয়োজক সমিতিৰ ফালেও আঙুলি উঠিছে।
প্ৰত্যক্ষদৰ্শীৰ এটা অংশই দাবী কৰে যে সৎসংগৰ বাবে স্থাপন কৰা পেণ্ডেলটোত বেৰিকেড লগোৱা হৈছে।
ফেনৰ ব্যৱস্থা কৰা হোৱা নাই। খোলা পেণ্ডেল আছিল যদিও আৰ্দ্ৰতা আৰু গৰমৰ বাবে সকলোৱে হাহাকাৰ কৰি আছিল। ফলত সৎসংগ শেষ হোৱাৰ পিছত মানুহে তাৰ পৰা ততাতৈয়াকৈ ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু অহা-যোৱাৰ বাবে নিৰ্মিত গেটখনো অতি সংকীৰ্ণ আছিল, যাৰ ফলত বিশৃংখলতাৰ সৃষ্টি হয়। বহুতে মাটিত পৰি যায়।
বাকীবোৰে তেওঁলোকৰ ওপৰেৰে ওলাই আহিবলৈ চেষ্টা কৰে। ইয়াৰ ফলতেই শতাধিক ভক্তৰ মৃত্যু হয়। আনহাতে, মঙলবাৰে এই ঘটনা সংঘটিত হোৱাৰ সময়ত লোকসভাত ভাষণ দি আছিল মোডীয়ে। তাৰ মাজতে তেওঁ নিজৰ ভাষণ বন্ধ কৰি দুখ প্ৰকাশ কৰে। তেওঁ সকলো ধৰণৰ সহায়ৰো আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে উদ্ধাৰৰ কাম কৰি আছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত লিখিছে, “হাথৰচ কাণ্ডত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়া হ’ব।”
উল্লেখ্য, এই স্বঘোষিত ধৰ্মগুৰুজন উত্তৰ প্ৰদেশৰ বাসিন্দা। তেওঁ দাবী কৰে যে তেওঁ পূৰ্বে চোৰাংচোৱা বিভাগত কাম কৰিছিল। উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ পাটিয়ালি পঞ্চায়তৰ বাহাদুৰ গাঁৱৰ বাসিন্দা ভোলেবাবা। ২৬ বছৰ পূৰ্বে তেওঁ চোৰাংচোৱা সেৱাৰ চাকৰি এৰি ধৰ্মীয় বাৰ্তা প্ৰচাৰ কৰিছিল।
এতিয়া এই স্বঘোষিত ধৰ্মগুৰুজনৰ হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, দিল্লীকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত বিয়পি থকা অসংখ্য ভক্ত আছে। ইউটিউবত তেওঁৰ নামত একাউণ্ট আছে। কিন্তু সেই একাউণ্টটো তেওঁ পৰিচালনা কৰেনে নকৰে সেয়া নিশ্চিত নহয়। তেওঁৰ ভক্তসকলে দাবী কৰে যে তেওঁৰ প্ৰেৰণাই সমাজৰ বিভিন্ন স্তৰত কাম কৰে।
উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰতি মঙলবাৰে ভোলেবাবাৰ নামত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তাতেই সমবেত হৈছিল হাজাৰ হাজাৰ ভক্ত। তাত ভক্তসকলক খাদ্য আৰু খোৱাপানীৰ ব্যৱস্থাও কৰা হয়। স্বেচ্ছাসেৱকসকলক দায়িত্ব দিয়া হয়। মহামাৰীৰ সময়ত সমাবেশ নিষিদ্ধ হৈ থকাৰ সময়তো ভোলেবাবাৰ অনুষ্ঠানত শ শ লোকৰ সমাগম হৈছিল। সেই সন্দৰ্ভতো বিতৰ্কৰ সৃষ্টি হৈছিল।