ছত্তীশগড়ৰ (Chhattisgarh) নাৰায়ণপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৫ মাওবাদী নিহত। জিলা আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জনোৱা মতে, কোহকামেটা অঞ্চলত মাওবাদীৰ উপস্থিতিৰ খবৰৰ ভিত্তিত ডি আৰ জি, এছ টি এফ, বি এছ এফ আৰু আই টি বি পিৰ যুটীয়া দল এটাই অভিযান চলায়।
![Naxalites Killed in Chhattisgarh I ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত ৫ মাওবাদী 3 Naxalites Killed in Chhattisgarh I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2021/09/murder-163068234416x9-1.jpg?resize=624%2C351&ssl=1)
মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী বনাঞ্চলৰ মাওবাদীয়ে হঠাতে নিৰ্বিচাৰে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰতিশোধ লয়। দুয়োপক্ষৰ মাজত হোৱা যুঁজত ৫ মাওবাদী নিহত হয়।
ইফালে নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ চুকমা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ৯জন মাওবাদীক গ্ৰেপ্তাৰ কৰে। আনহাতে, একেখন জিলাতে মঙলবাৰে এগৰাকী মহিলাসহ দুজন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। চৰকাৰে তেওঁলোকৰ প্ৰত্যেককে ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।