ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিল্লীত ধাৰাসাৰ বৰষুণ (Heavy rains lash Delhi)ৰ সতৰ্কবাণী জাৰি (Warning issued) কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই লগতে কয় যে আগন্তুক দুদিনলৈ বতৰ পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাই। বিগত চাৰি-পাঁচ দিন ধৰি অবিৰত বৰষুণৰ ফলত দিল্লীৰ বহু ৰাস্তা-ঘাট জলমগ্ন হৈ পৰিছে। মানুহৰ জীৱন যাত্ৰা বিঘ্নিত হৈছে। এই পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ ফলত চাৰিটা শিশুসহ ৬ জন লোকৰ মৃত্যু হৈছে।
দিল্লী পৌৰসভাই এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে । কাৰণ প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস আছে। জমা হোৱা পানী নিষ্কাশন কৰাটোৱেই তেওঁলোকৰ বাবে এতিয়া মূল কাম। একে সময়তে নাগৰিক সেৱা যাতে ব্যাহত নহয় পৌৰসভাই তাৰ ওপৰতো নজৰ ৰাখিছে। চিচি কেমেৰাৰ জৰিয়তে নগৰ প্ৰশাসনে নিৰীক্ষণ কৰি আছে।
উল্লেখ্য, কেইবামাহো ধৰি গৰম আৰু গ্ৰীষ্মপ্ৰবাহৰ অন্তত বৃহস্পতিবাৰে নিশাৰে পৰা ৰাজধানী আৰু কাষৰীয়া অঞ্চলত তীব্ৰৰ পৰা অতি তীব্ৰ বৰষুণে আঘাত হানিছে। শুকুৰবাৰে দিল্লীত হোৱা বৰষুণে ৮৮ বছৰৰ অভিলেখ ভংগ কৰে। এদিনতে জুন মাহত হোৱা সাধাৰণ বৰষুণৰ তুলনাত তিনি-চাৰিগুণ বেছি বৰষুণ হৈছে। ফলত ৰাজধানীৰ ৰাজপথ বুৰ গৈছে। যাতায়াতো ব্যাহত হৈছে।
কেৱল দিল্লীয়েই নহয়, উত্তৰ ভাৰতৰ আন ৰাজ্যসমূহতো ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে। গুজৰাট, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত দেওবাৰে ধাৰাসাৰ বৰষুণ হয়। বতৰ বিভাগে জনোৱা মতে, সোমবাৰেও একেদৰেই বৰষুণ অব্যাহত থাকিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি, আগন্তুক চাৰি-পাঁচ দিনলৈ পূব ৰাজস্থানৰ ওপৰেৰে প্ৰচণ্ড বৰষুণ আৰু পশ্চিমৰ ওপৰেৰে লঘুৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থাকিব।
আনহাতে, আগন্তুক তিনিদিনলৈকে মহাৰাষ্ট্ৰত বৰষুণ হৈ থাকিব। কেৰালা, তামিলনাডু, কৰ্ণাটকতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ বাহিৰেও ৩ জুলাইলৈকে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি উত্তৰ-পূব ভাৰতৰ (North-East India) কেইবাখনো ৰাজ্যতো (in several states) ৰেড এলাৰ্ট জাৰি (Issued a red alert) কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কিছু ঠাইত ধাৰাসাৰ বৰষুণ আৰু কোনো কোনো ঠাইত অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ঘোষণা কৰিছে।