সোমবাৰে বিয়লি ৪ মান বজাত ডিফু আৱৰ্ত ভৱনত কাৰবি আংলং জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত দেশজুৰি প্রযোজ্য হোৱা তিনিখন নতুন আইন (Three new laws) ক্রমে- ভাৰতীয় ন্যায় সংহিতা (Bharatiya Nyaya Sanhita), ভাৰতীয় নাগৰিক সুৰক্ষা (Bharatiya Nagarik Suraksha), ভাৰতীয় সাক্ষ্য সংহিতা আইন (Bharatiya Sakshya Adhiniyam) সন্দর্ভত ডিফু আৱর্ত ভৱনত এখন সভা (Meeting at Diphu Awart Bhawan) সম্পন্ন হৈ যায়। এই সভাত কার্বি আংলং জিলা সত্র আদালতৰ ন্যায়াধীশ ৰৌশনলাল, অতিৰিক্ত ন্যায়াধীশ গীতালি ৰাভা, কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়া, অতিৰিক্ত উপাযুক্ত জ্যোতির্ময় দৈমাৰী, চৰকাৰী অধিবক্তা দিলীপ কুমাৰ ডেকা উপস্থিত থাকে৷ সভাত তিনিখন আইনৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়োৱা হয় ৷
কার্বি ছাত্র সন্থাৰ সভাপতি জর্জ তিমুং, সদৌ অসম ছাত্র সন্থাৰ বিষয়ববীয়া, ডিফু পৌৰসভাৰ সভাপতি ৰাহ ক্র, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰছিং ৰংপিকে ধৰি বহু বিষয়া উপস্থিত থকাৰ লগতে জিলাখনৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। সভাত আজিৰে পৰা প্রযোজ্য হোৱা এই তিনিখন নতুন আইন সন্দর্ভত বক্তব্য ৰাখে ন্যায়াধীশ ৰৌশনলাল, জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়া, জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ ইকবাল ফানাজী, অতিৰিক্ত উপাযুক্ত জ্যোতির্ময় দৈমাৰী আৰু দিলীপ কুমাৰ ডেকাই। ন্যায়াধীশ ৰৌশনলালে ১৬৫ বছৰীয়া আইন বাতিল কৰি ভাৰতীয় ন্যায় সেৱাই এই নতুন আইন প্রণয়ন কৰাতো দেশব বাবে এটা গৌৰবৰ বিষয় বুলি উল্লেখ কৰে। এই নতুন আইনৰ জৰিয়তে দেশৰ জনসাধাৰণে সৰল-সহজভাবে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্রকাশ কৰে। দেশৰ বিশেষকৈ মহিলা, যুবতী আৰু শিশুসকলৰ বাবে এই আইনে বহু আশাৰ বতৰা কঢ়িয়াই অনা বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷
এই নতুন ন্যায় ব্যবস্থাই আৰক্ষী, ন্যায়ালয়কে ধৰি সকলোকে আইনী প্রক্রিয়া সম্পূর্ণ কৰিবলৈ সময় ধার্য কৰি দিয়া বুলিও তেওঁ প্রকাশ কৰে। আনহাতে, জিলা আৰক্ষী অধীক্ষক শইকীয়াই এই নতুন আইনে জনসাধাৰণক ক্ষিপ্রতাৰে আইনী প্রক্রিয়াত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে। এই নতুন আইনৰ জৰিয়তে দেশৰ জনসাধাৰণ বিশেষভাবে উপকৃত হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে।
আনহাতে, চৰকাৰী অধিবক্তা দিলীপ কুমাৰ ডেকাই এই আইন সন্দর্ভত এতিয়াই বিতংকে বহু তথ্য প্রকাশ কৰিব পৰা নাযায় বুলি উল্লেখ কৰি পৰৱর্তী সময়তহে এই আইন সমূহৰ সম্পর্কে বিতংভাবে ব্যাখ্যা আগবঢ়াব পৰা হ’ব বুলি – প্রকাশ কৰে৷ উল্লেখ্য যে এই তিনিখন আইন সন্দর্ভত এক প্রতিবেদন পাঠ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্রাইম) জয়ন্ত বৰুৱাই।