সোমবাৰে দেশত কাৰ্যকৰী (Effective in India) হয় নতুন ফৌজদাৰী আইন (New criminal law)। এই আইনৰ অধীনত তিনিখনকৈ নতুন আইন বলৱৎ কৰা হয়। আনহাতে, এই আইন বলৱৎ হোৱাৰ পাছত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰথমখন এফআইআৰ দাখিল (First FIR lodged in Gwalior) কৰা হয়। এখন বাইক চুৰি সন্দৰ্ভত এজন ব্যক্তিয়ে আৰক্ষী চকীত অভিযোগ কৰে। দেওবাৰে নিশা প্ৰায় ১২ বজাত এই এফ আই আৰ দাখিল কৰা হয়। ইয়াৰ পূৰ্বে বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছিল যে নতুন আইনখনৰ অধীনত প্ৰথমখন এফ আই আৰ দিল্লীৰ এজন হকাৰৰ বিৰুদ্ধে দাখিল কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদমেলত কয় যে এই খবৰ সঁচা নহয়।
উল্লেখ্য, সোমবাৰৰ পৰা সমগ্ৰ দেশতে বলৱৎ হৈছে নতুন অপৰাধমূলক আইন। সোমবাৰে এক সংবাদমেলত অমিত শ্বাহে কয় যে হকাৰৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হোৱাটো অসত্য। দিনৰ ১২.১০ বজাত গোৱালিয়ৰত ১ লাখ ৮০ হাজাৰ টকাৰ এখন বাইক চুৰি হোৱাৰ ঘটনাৰ গোচৰটো প্ৰথম।