দিল্লীত অবিৰতভাৱে হৈ আছে ধাৰাসাৰ বৰষুণ (Heavy rains lash Delhi)। শুকুৰবাৰে নেৰানেপেৰা বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ ছাদৰ এটা অংশ ভাঙি (Delhi airport’s terminal 1 roof demolished) পৰে। যাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে টাৰ্মিনেলটো (Terminal closed indefinitely)। ফলত তাৰ পৰা কোনো বিমান উৰিব পৰা নাই। যাৰ ফলত এই পৰ্যন্ত ২২ হাজাৰ ৬১৫ গৰাকী যাত্ৰী ক্ষতিগ্ৰস্ত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
সোমবাৰে মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বিমান সেৱা ব্যাহত হোৱাৰ বাবে এই পৰ্যন্ত ৯,৯৭২ গৰাকী যাত্ৰীৰ টিকট ঘূৰাই দিয়া হৈছে। বাকী যাত্ৰীসকলকো শীঘ্ৰে ধন ঘূৰাই দিয়া হ’ব। একে সময়তে সেৱাসমূহ স্বাভাৱিক কৰাৰ প্ৰচেষ্টাও চলি আছে।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে টাৰ্মিনেল ১ বন্ধ হোৱাৰ বাবে কেইবাখনো বিমান বাতিল কৰিবলগীয়া হয়। কিন্তু শনিবাৰৰ পৰা সেই টাৰ্মিনেলৰ বিমান সেৱা টাৰ্মিনেল ২ আৰু ৩ৰ মাজেৰে যাতায়াত কৰি আছে।
দিল্লী বিমানবন্দৰৰ অপাৰেচন কণ্ট্ৰ’ল চেণ্টাৰ পৰিদৰ্শন কৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে। ইয়াৰ উপৰি তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। তেওঁৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ইতিমধ্যে সেৱাসমূহ পুনৰুদ্ধাৰ কৰা হৈছে। একে সময়তে দিল্লী বিমানবন্দৰৰ ছাদ ভাঙি পৰা ঘটনাৰো তদন্ত চলি আছে। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকৰ প্ৰাৰম্ভিক অনুমান যে ধাৰাসাৰ বৰষুণৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে।