শনিবাৰে বিশ্বকাপ জয়ৰ পিছতে টি-২০ বিশ্বকাপৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে। এইবাৰ অৱসৰৰ কথা ঘোষণা কৰে ভাৰতীয় দলৰ অন্যতম অলৰাউণ্ডৰ ৰবীন্দ্ৰ জাদেজাই (Ravindra Jadeja)।
![Rabindra Jadeja retired from T20I I ৰোহিত-বিৰাটৰ পিছত এইবাৰ জাদেজা, আন্তৰাষ্ট্ৰীয় টি-২০ৰ পৰা অৱসৰ গ্ৰহণ ৰবীন্দ্ৰ জাদেজাৰ 3 Rabindra Jadeja retired from T20I I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/Snapinsta.app_449629107_3742488132733373_2467009988213235142_n_1080.jpg?resize=1080%2C1350&ssl=1)
টি-২০ বিশ্বকাপ জয়ৰ এদিন পিচতে ভাৰতীয় দলৰ অন্যতম অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে৷
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি জাডেজাই কয় যে এই বিশ্বকাপ জয় কৰাটো এটা সপোন আছিল আৰু এয়া সাৰ্থক হোৱাটো কেৰিয়াৰৰ সৰ্বোচ্চ প্ৰাপ্তি৷ তেওঁ ইনষ্টাগ্ৰামত লিখিছে, “আন্তৰিক কৃতজ্ঞতাৰে মই টি-২০ আন্তঃৰাষ্ট্ৰীয়ক বিদায় জনাইছো৷ মই সদায় দেশৰ বাবে মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি আহিছো আৰু এতিয়া আন ফৰ্মেটত কৰি যাম৷”