১১ বছৰৰ অপেক্ষাৰ অন্ত। পুনৰ বিশ্বকাপ খিতাপ ভাৰতৰ শিৰত। অভিজ্ঞ আৰু যুৱ প্ৰতিভাৰে গঠিত টীম ইণ্ডিয়াৰ সন্মিলিত প্ৰচেষ্টাত শনিবাৰে বাৰ্বাড’জত ইতিহাস ৰচনা হয়। টি-২০ বিশ্বকাপ (T20 Worldcup) ,২০২৪ত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ দখল কৰে।
ফৰ্মত থকা ৰোহিত, ঋষভ, সূৰ্যৰ বেটে ফাইনেলত বিশেষ কথা ক’ব নোৱাৰিলেও ৰাণৰ বাবে সমগ্র প্ৰতিযোগিতা খনত হাহাকাৰ কৰি থকা বিৰাট কোহলিৰ বেটৰ পৰা আহে গুৰুত্বপুৰ্ণ সময়ত মূল্যৱান ৭৫ ৰাণ।
লগত সহযোগিতা আগবঢ়ায় অক্ষৰ পেটেলে। আনহাতে, বুমৰাহ, অৰ্শদীপ, হাৰ্ডিকৰ সঠিক আৰু নিয়ন্ত্ৰিত বলিঙে আফ্ৰিকান দলটোক লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰে। মেচখনৰ শ্ৰেষ্ঠ বিবেচিত হয় বিৰাট কোহলি আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ বিবেচিত হয় যশপ্ৰিত বুমৰাহ।
আনহাতে, মেচৰ শ্ৰেষ্ঠ সেরার পুৰস্কাৰ গ্ৰহণ কৰি বিৰাট কোহলিয়ে জনায়, এইখনেই দেশৰ হৈ তেওঁৰ অন্তিম টি-২০ মেচ। এই ঘোষণাৰ প্ৰায় দুঘণ্টা পিছত অৱসৰ ঘোষণা কৰে ৰোহিত শর্মায়ো। সংবাদ মাধ্যমৰ আগত তেওঁ জনাই দিয়ে, আন্তর্জাতিক টি-২০ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে।
তেওঁ কয়, “এয়াই ভাৰতৰ হৈ মোৰ শেষ টি-২০ মেচ আছিল। ইয়াৰ পিছত মই আৰু দেশৰ হৈ টি-২০ নেখেলোঁ। এই সিদ্ধান্ত লোৱাৰ ইয়াতকৈ আৰু ভাল মুহূর্ত একো হ’ব নোৱাৰে। এই ফৰমেটতেই ভাৰতীয় দলত মোৰ অভিষেক ঘটিছিল।” টি-২০ৰ পৰা অৱসৰ ল’লেও অৱশ্যে এদিনীয়া আৰু টেষ্ট ক্রিকেট খেলি যাব বুলিও ৰোহিত শৰ্মাই জনায়।