অসম চৰকাৰ জল সম্পদ বিভীগৰ মন্ত্ৰী পিযুষ হাজৰিকাই কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত কিছু দিন পূৰ্বে হৈ যোৱা বান পৰিস্থিতিৰ বুজ লবলৈ বিভাগৰ শীৰ্ষ বিষয়া অভিযন্তা সহ ডিফুত উপস্থিত হয় ৷ তাৰালাংচৰ বন বিভাগৰ কীজিৰ ৰংহাঙপী অতিথিশালাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, এমএচি আৰু শীৰ্ষ বিষয়া সকলৰ সৈতে বৈঠকত মিলিত হয় ৷
![কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ডিফুত উপস্থিত জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকা: 2 কাৰবি আংলং পশ্চিম কাৰবি আংলঙৰ বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ডিফুত উপস্থিত জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকা:](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/449617570_1000420821539013_3039393535378433787_n.jpg?resize=2048%2C1305&ssl=1)
ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী হাজৰিকাই কয়যে, বানৰ সময়ত মই জিলা দুখনলৈ আহিব পৰা নাছিলো সেয়ে, এতিয়া পৰিস্থিতিৰ বুজ লবলৈ আহিছো ৷ পশ্চিম কাৰবি আংলঙৰ বৈঠালাংছ বিধান সভাৰ অধীনৰ বিথুং, ৰংখাঙ আদি অঞ্চলত মূলত বান পৰিস্থিতি উদ্ভৱ হয় বুলি উল্লেখ কৰি তেওঁ কয়যে, জিলাখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিগত তিনি বছৰত ৭০ কোটি টকা প্ৰদান কৰা হ’ল আৰু মথাউৰিও যথেষ্ট নিৰ্মান কৰা হ’ল যদিও ১৫ কিলোমিটাৰ মথাউৰি এতিয়াও নিৰ্মান কৰিবলৈ বাকী থকা বুলি মন্ত্ৰী গৰাকীক আজিৰ বৈঠকত জানিবলৈ দিয়া বুলি সদৰি কৰি অতি শীঘ্ৰে এই মথাউৰি নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
আনহাতে, কাৰবি আংলং জিলাৰ নমাটি, পাৰখোৱা অঞ্চলত এখন উন্মুক্ত নৈ থকাৰ কথা আজি জানিব পৰা বুলি সদৰি কৰি অতি শীঘ্ৰে এই নদীৰ ওপৰতো মথাউৰি নিৰ্মাণ কৰি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷ পশ্চিম কাৰবি আংলঙৰ কপিলী নৈৰ বাবে বান পৰিস্থিতি উদ্ভৱ হয় বুলি উল্লেখ কৰি মথাউৰি নিৰ্মানেৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হব বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে ৷ কাইলৈ পশ্চিম কাৰবি আংলঙৰ ডংকাত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডিব্ৰুদড়ত উদ্ভৱ হোৱা বান পৰিস্থিতি অত্যাধিক বৰষুণৰ ফলত কৃত্ৰিম বান আখ্যা দি ইয়াৰ সৈতে জল সম্পদ বিভাগৰ কোনো সম্পৰ্ক নাই যদিও ৰাইজক সকাহ দিবৰ বাবে বিভাগে কাম কৰি আছে ৷ ইপিনে দুয়োখন জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে বিভাগে পাৰ্কুপাইন, জিঅ’ বেগ, চেণ্ড বেগ পৰ্যাপ্ত পৰিমানে যোগান ধৰা বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷