অহা ২৮ এপ্ৰিলত কাৰবি আংলং ভ্ৰমণলৈ আহিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছৰ বিৰুদ্ধে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই ৷
মন্ত্ৰী গৰাকীয়ে ভৱিষ্যত বাণী দি কয়যে অনাগত ২০ বছৰলৈ অসমত কংগ্ৰেছ ক্ষমতালৈ নাহে ৷ নামনি অসমৰ কেইটামান নিৰ্দিষ্ট সমষ্টিৰ বাহিৰে খিলঞ্জীয়াৰ আধিপাত্য থকা অসমৰ অনান্য সমষ্টিত কংগ্ৰেছ জয়ী হব নোৱাৰে ৷ কংগ্ৰেছ লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছে ৷ অসমৰ পৰা সমূলি নাইকিয়া হব কংগ্ৰেছ ৷
মন্ত্ৰী গৰাকীয়ে তেওঁৰ মন্তব্যত কয়যে, অসমৰ ৰাইজক অসন্মান, মানুহক ঠগোৱা ,তুষ্টিকৰণৰ বাবে অসমক ভালপোৱা মানুহে কংগ্ৰেছক ভোট নিদিয়ে ৷ কংগ্ৰেছৰ ঠাইত বেলেগ দলে য্থান লব ৷