
কাৰ্বি আংলঙৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ডিছ’বাইৰ এখন গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। জ্যেষ্ঠ ভাতৃৰ জীৱন বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ শোকাৱহ মৃত্যু। জানিব পৰা মতে, কানিয়া ক্ৰ’ গাঁৱত নিশা এটা পোহনীয়া গাহৰি ৰছী ছিঙি যায়।

বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰাত মঙলবাৰে সন্দেহবশতঃ ঘৰৰ ওচৰৰ এটা কুঁৱাত নামি সন্ধান চলায় লংকি হাঞ্চে (৩২) নামৰ এজন বিবাহিত যুৱকে। কিন্তু প্ৰায় ৩০ ফুট দ পৰিত্যক্ত কুঁৱাটোত ককায়েকে অক্সিজেনৰ অভাৱত ককবকাই থকা দেখি কনিষ্ঠ ভাতৃ মেনছিং হাঞ্চে (২৮) উদ্ধাৰৰ বাবে নামি পৰে।
তেওঁ কিবা প্ৰকাৰে জ্যেষ্ঠ ভাতৃৰ প্ৰাণ ৰক্ষা কৰে যদিও মেনছিঙৰ অৱস্থা অতি সংকটজনক হৈ পৰে আৰু তাতেই মৃত্যু ঘটে। তেওঁলোকৰ আন এজন জ্যেষ্ঠ ভাতৃ জয়ৰাম হাঞ্চেয়ে এই কথা জানিবলৈ দিয়ে। ঘটনাৰ খবৰ লাভ কৰি বকলীয়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ চেনাৰসহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত থকা লংকি হাঞ্চেক বকলীয়াঘাট গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰায়।
আনহাতে, মেনছিঙৰ মৃতদেহ উদ্ধাৰ কৰি বকলীয়াঘাট আৰক্ষী থানালৈ লৈ যায়। জানিব পৰা মতে, মেনছিঙে মৃত্যুৰ সময়ত দুই পুত্ৰ-কন্যাসহ পত্নীক এৰি থৈ গৈছে। ইফালে আৰক্ষীয়ে আজি মেনছিঙৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।













