
পশ্চিম কাৰ্বি আংলঙৰ ৰাজহুৱা স্বাস্থ্য সেৱা খণ্ডৰ বাবে এক সুখবৰ। পাহাৰীয়া জিলাখনে বুধবাৰে লাভ কৰে এক বৃহৎ সাফল্য। জিলাখনৰ ৰাইজৰ উন্নত আৰু বিশেষজ্ঞ চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত স্থাপন হ’ল এক মাইলৰ খুঁটি। হামৰেণ জিলা হচিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হয় এক কঠিন অস্থি ৰোগৰ (orthopedics) অস্ত্ৰোপচাৰ।

যোৱা ১০ আগষ্টত প্ৰথমটো সৰু সফল অস্থিৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। হামৰেণৰ লিঞ্চিকাৰ ৩৭ বছৰীয়া বিমল টেৰণ নামৰ এগৰাকী শ্ৰমিকৰ কাম কৰি থকা অৱস্থাত এটি লোহাৰ বল্টু তেওঁৰ ভৰিৰ হাঁড়ৰ (প্ৰক্সিমেল টিবিয়া) ভিতৰত সোমাই যোৱাত গুৰুতৰভাৱে আহত হৈছিল। চিকিৎসকৰ এটা দলে কোনো জটিলতা অবিহনে অতি দক্ষতাৰে লোৰ বল্টুটো উলিওৱাত সফল হয়। চিকিৎসকৰ দলটোত আছিল ডাঃ চিৰ্জাৰ ফুৰা, ডাঃ মুক্ৰাং টেৰাং, ষ্টাফ নাৰ্চ প্ৰণৱ দৈমাৰী, আইৰিন জাউটে আৰু এনাস্থেটিষ্ট এলভিন তিছ’।
আনহাতে, এই প্ৰথম সফলতাৰ পাছত ভৰিৰ এক জটিল কম্পাউণ্ড ফ্ৰেকচাৰো সফলতাৰে সমাধান কৰা হয়। কিন্তু বুধবাৰে চিকিৎসালয়খনত প্ৰথমটো ডাঙৰ অস্থি অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। বৈঠালাংচুৰ জালজুৰিৰ ২৫ বছৰীয়া ডনাল্ড ফাংছোৰ ‘ক্লেভিকেল প্লেটিং’ (ডিঙিৰ কাষৰ ক্লাভিকেল হাঁড় সংযোগ) অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। এই অস্ত্ৰোপচাৰ অৰ্থ’পেডিক চাৰ্জন ডাঃ চিৰ্জাৰ ফুৰা আৰু ডাঃ ভাৰ্টেৰ নেতৃত্বত সফলতাৰে সম্পূৰ্ণ কৰা হয়।













