
ককৰোচ জনতা পাৰ্টিীৰ প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিবলৈ সহপাঠীসকলক লৈ যাবলৈ তেওঁ কৈছিল। গ্ৰেটাৰ নয়ডাৰ কাৰ্যবাহী দণ্ডাধীশ তথা আৰক্ষী বিষয়াই সেই অপৰাধৰ বাবে আইন বিভাগৰ এজন ছাত্ৰক জাননী প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে সেই পদক্ষেপক সমালোচনা কৰি প্ৰশ্ন কৰে, “এজন দণ্ডাধীশে এনে জাননী জাৰি কৰিবলৈ কেনেকৈ সাহস পালে?” উল্লেখ্য যে কাৰ্যবাহী দণ্ডাধীশজন গ্ৰেটাৰ নয়ডা জ’ন আৰক্ষী আয়ুক্তৰ অধীনত আছে।
বুধবাৰে অধিবক্তা বিশ্বজিৎ ভট্টাচাৰ্যই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেওঁ আদালতত কয় যে গৌতম বুদ্ধ বিশ্ববিদ্যালয়ৰ ২০ বছৰীয়া অক্ষত ত্ৰিপাঠীক ‘চৰকাৰ বিৰোধী অপপ্ৰচাৰ’ আৰু সহপাঠীসকলক যন্তৰ-মন্তৰত চিজেপিৰ প্ৰতিবাদত যোগদান কৰিবলৈ ‘উদ্দীপিত’ কৰাৰ অভিযোগত জাননী জাৰি কৰা হৈছে। যোৱা ৪ ছেপ্টেম্বৰত জাৰি কৰা হয় এই জাননী। যাৰ বাবে মুখ্য ন্যায়াধীশে দণ্ডাধীশগৰাকীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে।

এই জাননী জাৰি কৰাৰ বাবে দণ্ডাধীশৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে সেয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে। তেওঁ কয়, “আমি স্পষ্ট কৰি দিছিলোঁ যে কোনো ছাত্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তিমূলক ব্যৱস্থা ল’ব নোৱাৰি। কোনো দণ্ডাধীশে সেই আদেশ উলংঘা কৰিব নোৱাৰে। আমাৰ আদেশ অমান্য কৰাৰ সাহস কাৰো নাই।” অৱশ্যে জাননী জাৰি কৰাৰ পিছদিনা প্ৰত্যাহাৰ কৰা হৈছিল। অৱশ্যে এই কাৰ্যৰ বাবে উচ্চতম ন্যায়ালয়ে দণ্ডাধীশ আৰু জিলা দণ্ডাধীশৰ পৰা স্পষ্টীকৰণ বিচাৰিছে।
উল্লেখ্য যে ১ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে কৈছিল, “২০-২৫ জুলাইৰ (প্ৰতিবাদ) সৈতে জড়িত আন কোনো ৰাজ্যত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে যদি কোনো গোচৰ ৰুজু কৰা হয় তেন্তে সেয়া বাতিল বুলি গণ্য কৰা হ’ব।” বুধবাৰেও মুখ্য ন্যায়াধীশগৰাকীয়ে সেই আদেশৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বিগত শুনানিত সেই ঘটনাৰ (প্ৰতিবাদ) প্ৰতি লক্ষ্য ৰাখি কোনো নতুন এফআইআৰ ৰুজু কৰিব নালাগে বুলি কোৱা হৈছিল। প্ৰতিবাদত যোগদান কৰাটো আইনৰ কোনো ধাৰাত অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আমি আচৰিত হৈছো যে আমাৰ ১ ছেপ্টেম্বৰৰ নিৰ্দেশৰ পিছত কোনো কাৰ্যবাহী দণ্ডাধীশ বা জিলা দণ্ডাধীশে এনে জাননী জাৰি কৰিব পাৰে?”












