
যোৱা ২৬ অক্টোবৰত নেপালত সংঘটিত আকস্মিক বানৰ পিছৰে পৰা আপোনজনৰ সৈতে যোগাযোগ কৰিব পৰা নাই বহু লোকে । নেপালত থকা আত্মীয় হয়তো জীয়াই নাই বুলি বহুতে আশংকা কৰিছে। ভাৰতীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ আত্মীয়ক ডিএনএৰ নমুনা জমা দিবলৈ আহ্বান জনাইছে। দুৰ্যোগৰ পিছৰে পৰা যিসকলৰ লগত যোগাযোগ কৰিব পৰা হোৱা নাই তেওঁলোকক ঘনিষ্ঠ আত্মীয়ৰ (পিতৃ, মাতৃ, পুত্ৰ, কন্যা, ভাতৃ, ভগ্নী) ডিএনএ নমুনা জমা দিবলৈ অনুৰোধ জনোৱা হৈছে।
নিৰ্দেশনাত নমুনা ক’ত জমা দিব লাগে সেই কথাও উল্লেখ আছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে নেপালৰ পৰা কিমান ভাৰতীয়ৰ মৃতদেহ ঘূৰাই অনা হৈছে তাৰ কোনো তথ্য তেওঁৰ হাতত এতিয়াও নাই। অৱশ্যে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নেপালৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে।

কাঠমাণ্ডুৱে জনোৱা মতে, মঙলবাৰলৈকে নেপালত ১,৩৫৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ১০২ জনৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৫,৩২৬জন লোক। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৩,৫৮৩ জনে। ইফালে মঙলবাৰে (ভাৰতৰ সময় অনুসৰি) তিব্বতত ভূমিকম্পৰ সৃষ্টি হয়। নেপালতো কম্পন অনুভৱ কৰা হৈছিল।
মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে, গুজৰাট, মধ্যপ্ৰদেশ, গোৱা, অসম, কৰ্ণাটক, দিল্লীৰ ছয় স্থানত থকা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত আত্মীয়ই নিজৰ ডিএনএৰ নমুনা জমা দিব লাগিব। মধ্যপ্ৰদেশৰ ভূপাল কেম্পাছৰ ফৰেনছিক বিশেষজ্ঞ অভিষেক সিঙে কয় যে ইতিমধ্যে বহু লোকে নিজৰ নমুনা দিছে। তেওঁলোকৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। এই ছয়খন বিশ্ববিদ্যালয়ৰ সমান্তৰালকৈ দেশৰ ৭টা কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ আৰু ৫৮টা ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰতো এই পৰীক্ষা সম্পন্ন কৰা হ’ব। মন্ত্ৰালয়ে জনাইছে যে নেপালত নিৰুদ্দেশ হোৱা ব্যক্তিৰ যদি পিতৃ, মাতৃ বা সন্তান নাথাকে তেন্তে তেওঁৰ ভাতৃ বা ভগ্নীয়ে তেজৰ নমুনা দিব লাগিব। প্ৰয়োজন হ’লে খুড়াকৰ ল’ৰা-ছোৱালীৰ পৰাও নমুনা সংগ্ৰহ কৰিব পাৰিব।












