
দিনদুপৰতে কাৰ্বি আংলঙৰ ডকমকাত এক ৰহস্যজনক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডকমকা নগৰৰ চাৰ্থে ৰংহাং গাঁৱৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ ঘটনাটোক কেন্দৰ কৰি সমগ্ৰ অঞ্চলটোতে এতিয়া এক ৰহস্যময় পৰিৱেশে বিৰাজ কৰিছে। জনশূন্য ঘৰত উদ্ধাৰ মৃতদেহ : প্ৰাপ্ত তথ্য মতে, খেতিৰ বতৰ হোৱা বাবে আজি দিনৰ ভাগত চাৰ্থে ৰংহাং গাঁৱৰ বাসিন্দা চ’উইলছন ৰংহাংৰ পৰিয়ালৰ সকলো লোক পথাৰলৈ ওলাই গৈছিল। ঘৰখনত সেই সময়ত কোনো লোক উপস্থিত নাছিল । কিন্তু দিনৰ ভাগত কাম-বন শেষ কৰি পৰিয়ালৰ লোকসকল যেতিয়া পুনৰ ঘৰত উপস্থিত হয়, তেতিয়াই তেওঁলোকৰ চকু চৰকগাছ হয়। ঘৰৰ পাছফালে থকা এটা খেৰী ঘৰৰ ভিতৰত তেওঁলোকে এক ৰহস্যজনক অৱস্থাত পৰি থকা এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে।

দিনদুপৰতে ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগেই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনতে হাহাকাৰ আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ পিছতেই গাঁৱৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ ঘটনা সন্দৰ্ভত ততালিকে ডকমকা আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পিছতে ডকমকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে।
ব্যক্তিজন কোন, তেওঁ কৰ পৰা কেনেকৈ আহি চ’উইলছন ৰংহাংৰ বন্ধ বাসগৃহত প্ৰৱেশ কৰিলে— সেই সকলোবোৰ কথা এতিয়াও ধুঁৱলী-কুঁৱলী হৈ আছে । বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই । ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ডকমকা আৰক্ষীয়ে চ’উইলছন ৰংহাংৰ পৰিয়ালৰ কেইবাজনো লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ।
ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ (DMCH) প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ’ব যে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা।













