নিজৰ যৌন সম্ভোগ (Sexual intercourse)ৰ কথা ঢাকিবলৈ ডোনাল্ড ট্ৰাম্পে (Donald Trump) যৌন তাৰকা ষ্টৰ্মি ডেনিয়েলছ (Pon star Stormy Daniels)ক অবৈধভাৱে ধন পৰিশোধ কৰিছিল। এই গোচৰত তেওঁ কাৰাগাৰত যাব লাগিব পাৰে। তাৰ মাজতে বৃহস্পতিবাৰে নিশা চি এন এনৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ বিতৰ্ক অনুষ্ঠানৰ সময়ত ট্ৰাম্পে কয়, “মই কেতিয়াও যৌন তাৰকাৰ সৈতে যৌন সম্ভোগ কৰা নাই।” কিন্তু ট্ৰাম্পৰ উক্ত মন্তব্য শুনি ট্ৰাম্পৰ বিৰোধী জো বাইডেন (Joe Biden)ৰ মুখত হাঁহি বিৰিঙি উঠে । লগতে ডোনাল্ড ট্ৰাম্পৰ যৌন কেলেংকাৰীয়ে নিৰ্বাচনী প্ৰচাৰত বাইডেনক অক্সিজেন যোগাইছে।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ বিতৰ্কত বাইডেনে কয়, “ট্ৰাম্প, আপুনি ধৰা পৰিছে, আপোনাৰ পত্নীৰ গৰ্ভাৱস্থাৰ সময়ত আপুনি এগৰাকী যৌন তাৰকাৰ সৈতে যৌন সম্ভোগ কৰিছে । তাৰ পিছতো নাৰী নিৰ্যাতন আৰু অত্যাচাৰ ঢাকিবলৈ আপুনি কিমান মিলিয়ন ডলাৰ খৰচ কৰিছে তাৰ কোনো হিচাপ নাই।”
উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ বিতৰ্কত এগৰাকী তাৰকাৰ সৈতে যৌন সম্পৰ্কৰ বিষয়টো উত্থাপন হোৱাত নিৰ্বাচনী ঢৌ ট্ৰাম্পৰ বিপক্ষে গৈ আছে । আনহাতে, ট্ৰাম্পে কয় যে তেওঁ কেতিয়াও যৌন তাৰকা ষ্টৰ্মি ডেনিয়েলছৰ সৈতে যৌন সম্ভোগ কৰা নাছিল। কিন্তু এইটো প্ৰমাণিত হৈছে যে ট্ৰাম্পৰ পৰা তেওঁৰ একাউণ্টলৈ বহু ডলাৰ প্ৰেৰণ কৰিছিল। ইফালে ষ্টৰ্মীয়ে দাবী কৰে যে তেওঁ বহুবাৰ ধনৰ বিনিময়ত তেওঁক যৌন সম্ভোগৰ প্ৰস্তাৱ দিছে আৰু সম্ভোগো কৰিছে। ট্ৰাম্পৰ এই বিষয়ত মুখ্যত মহিলা ভোটাৰসকলৰ সমৰ্থন হেৰুওৱাৰ আশংকা আছে।