শুকুৰবাৰে পুৱা ১০ মান বজাত ডিফুস্থিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ চেছন হলত পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’ৰ অধ্যক্ষতাত ২৪৮ সংখ্যক অধিৱেশন অনুষ্ঠিত (248th session held) হৈ যায় ৷ কাৰ্যবাহী সমিতিৰ বৈঠকত পৰিষদৰ অধীনত ভিলেজ পুলিচ আৰু টাউন পুলিচ গঠন কৰাৰ প্ৰস্তাৱ (Proposal to set up village police and town police) গ্ৰহণৰ অন্তত আজি অনুষ্ঠিত হোৱা পৰিষদখনৰ অধিৱেশনত এই প্ৰস্তাৱ গৃহীত কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।
১৯৫২ চনত গঠন হোৱা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সংবিধান অনুসৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাজ্যপালৰ অনুমোদন লাভ কৰিলে পৰিষদৰ আৰক্ষী বাহিনীত উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়া পৰ্যন্ত নিযুক্তি দিবলৈ সক্ষম হ’ব বুলি পৰিষদখনৰ CEM তুলিৰাম ৰংহাঙে মন্তব্য কৰে।
আজিৰ অধিৱেশনৰ আৰম্ভণিতে প্ৰাক্তন মন্ত্ৰী, কাৰ্বি আংলং পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী চুম ৰংহাং আৰু পৰিষদৰ ব’ৰ্ড অধ্যক্ষ ছিম হাঞ্চেৰ মৃত্যুত শোক ব্যক্ত কৰে পৰিষদৰ সদস্যসকলে।