আজি ডিফু স্থিত কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ উদ্যোগত সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য কৃষ্ণ ভট্টৰায়ক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷
সন্থাৰ সভাপতি আব্দুল নুৰ, কোষাধ্যক্ষ দিলবাহাৰ আলি, কাৰ্যবাহী সদস্য কান্ত বসুমতাৰী, মাঞ্জা চালক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক হৰি থাউছেন, কাৰ্যবাহী সদস্য ৰহমত আলীয়ে কৃষ্ণ ভট্টৰায়ক গামোছা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ দীৰ্ঘদিনৰ পৰা নিষ্ঠা আৰু সততাৰে কাম কৰি বৰ্তমান কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মনোনীত সদস্য হিচাপে মনোনীত হোৱাত সন্থাই পৰিষদক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
আনহাতে আজি অনুষ্ঠিত কাৰবি আংলং মটৰ পৰিবহন চালক আৰু শ্ৰমিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সাধাৰণ সম্পাদক কৃষ্ণভট্ৰৰায়ৰ স্থানত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিছাপে হৰি থাউছেনক দায়িত্ব অৰ্পণ কৰে ৷ আনহাতে সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে সন্থাৰ পৰা পোৱা মৰম চেনেহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতলৈ সন্থাৰ সুখ-দুখৰ সমভাগী হৈ থাকিব বুলি কয় ৷