মহিলা টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ শ্বেফালী বাৰ্মাই (Shafali Verma)। শ্বেফালী হৈছে টেষ্টত দ্ৰুততম দ্বিশতক অৰ্জন কৰা বেটাৰ। এনাবেল ছাথাৰলেণ্ডৰ অভিলেখ ভংগ কৰে শ্বেফালীয়ে।
![Shafali Varma sets history I ভাৰতীয় মহিলা ক্ৰিকেটাৰ শ্বেফালী বাৰ্মাৰ অভিলেখ, মহিলা টেষ্টত সৰ্বাধিক দ্ৰুততম দ্বিশতক অৰ্জন 3 Shafali Varma sets history I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240628_203558.jpg?resize=640%2C480&ssl=1)
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্টত এই অভিলেখ গঢ়ে শ্বেফালীয়ে। উল্লেখ্য, একমাত্ৰ টেষ্টখনত ভাৰতে প্ৰথমদিনাই ৪ উইকেটত ৫২৫ ৰান সংগ্ৰহ কৰে। শ্বেফালীয়ে ১৯৪টা বলত দ্বিশতক অৰ্জন কৰে। ছাথাৰলেণ্ডে ২৪৮টা বলত দ্বিশতক অৰ্জন কৰিছিল।
অৱশ্যে ১৯৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰি আউট হয় শ্বেফালী। তেওঁৰ ইনিংছটোত ২৩টা চাৰি আৰু আঠটা ছয় আছিল। মাত্ৰ ৯ ৰানৰ বাবে মিতালী ৰাজৰ ২১৪ ৰানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে শ্বেফালীয়ে। টেষ্টত ভাৰতৰ বাবে সেয়া হৈছে সৰ্বোচ্চ ইনিংছ। আনহাতে, সৰ্বোচ্চ ব্যক্তিগত ৰাণৰ বিশ্ব অভিলেখ আছে পাকিস্তানৰ কিৰণ বেলুচৰ নামত।
তেওঁ ২৪২ ৰাণ সংগ্ৰহ কৰিছে।
উল্লেখ্য, ভাৰতৰ হৈ ইনিংছ অ’পেনিং কৰিবলৈ নামিছিল শ্বেফালী আৰু স্মৃতি মান্ধনা। দুয়োগৰাকীয়ে ২৯২ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। ইয়াৰ পূৰ্বে পাকিস্তানে মহিলা টেষ্টত অ’পেনিং যুটিত সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়িছিল। কিৰণ বেলুচ আৰু চজ্জিদা শ্বাহে ২৪১ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল।
২০০৪ চনৰ এই অভিলেখ ভংগ কৰে স্মৃতি-শ্বেফালীৰ যুটিয়ে। উল্লেখযোগ্য যে মহিলা ক্ৰিকেটত অ’পেনিঙত সৰ্বাধিক ৰান সংগ্ৰহৰ ভাৰতৰ অভিলেখো শ্বেফালী আৰু স্মৃতিৰ নামতে আছিল। ২০২১ চনত ইংলেণ্ডৰ বিৰুদ্ধে ১৬৭ ৰানৰ যুটি গঢ়িছিল। আনহাতে, স্মৃতি মান্ধানাই ১৪৯ ৰাণৰ এটা দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে।