নিট পৰীক্ষা (NEET Exam) সমস্যাক লৈ উত্তাল হৈ পৰে সংসদৰ দুয়ো সদন। নিট পৰীক্ষা সন্দৰ্ভত আলোচনাৰ দাবীত ইণ্ডিয়া মিত্ৰজোঁটে সন্মতি নিদিয়াৰ ফলত লোকসভা ত্যাগ কৰে। নিট পৰীক্ষাত অনিয়ম, প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ সন্দৰ্ভত আলোচনাৰ দাবীত আজি লোকসভা আৰু ৰাজ্যসভাত ইণ্ডিয়া জোঁটৰ সাংসদসকলে জাননী জাৰি কৰে। যদিও বিৰোধীৰ দাবী পূৰণ নহ’ল, তথাপিও প্ৰতিবাদ অব্যাহত থাকে।
ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু ইণ্ডিয়া শিবিৰে প্ৰতিবাদ আৰম্ভ কৰে। ৰাষ্ট্ৰপতিৰ ভাষণক লৈ কোষাগাৰ বিচাৰপীঠে ধন্যবাদসূচক প্ৰস্তাৱ জাৰি কৰিবলৈ চেষ্টা কৰে। কিন্তু ইণ্ডিয়া মিত্ৰজোঁটে সামূহিকভাৱে দাবী জনায় যে প্ৰথমে নিটৰ বিষয়ে বিতংভাৱে আলোচনা কৰা উচিত।
উল্লেখ্য, বৃহস্পতিবাৰে সন্ধিয়া মল্লিকাৰ্জুন খাৰ্গেৰ গৃহত অনুষ্ঠিত এক বৈঠকত দলটোৱে নিটক লৈ সকলো প্ৰকাৰে আক্ৰমণৰ সিদ্ধান্ত লয়। একেদৰে আজি পুৱা নিট পৰীক্ষা সন্দৰ্ভত আলোচনাৰ দাবীত সংসদৰ দুয়ো সদনত জাননী দাখিল কৰা হয়। ৰাজ্যসভাতো একে দাবীত ২২খন জাননী জাৰি কৰা হয়।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিট সন্দৰ্ভত আলোচনাৰ দাবী জনাই কয়, “চৰকাৰ আৰু বিৰোধী উভয়ৰে হৈ যৌথভাৱে নিটৰ বিষয়ে আলোচনা কৰি দেশৰ যুৱসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰা উচিত বুলি আমি ভাবো।” যদিও তেওঁৰ দাবী নাকচ কৰি অধ্যক্ষ ওম বিৰলাই কয়, কেৱল ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ জ্ঞাপনৰ বিষয়ে আলোচনা কৰা হ’ব।
আন কোনো বিষয় আলোচনা কৰিবলৈ দিয়া নহ’ব। তেওঁৰ মন্তব্যৰ পিছতো বিৰোধী শিবিৰৰ প্ৰতিবাদ অব্যাহত থাকে। ৰাজ্যসভাতো একেই ছবি পৰিলক্ষিত হয়। বিৰোধীয়ে দিয়া ২২খন জাননী নাকচ হোৱাৰ পিছতে আৰম্ভ হয় উত্তপ্ত প্ৰতিবাদ। মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত বিৰোধীয়ে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।
অধ্যক্ষই কেইবাবাৰো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও সফল নহ’ল। ফলত কেইবাবাৰো সদন স্থগিত ৰাখিবলগা হয়। নিট সন্দৰ্ভত আলোচনাৰ দাবীত জাননী নাকচ কৰাৰ সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটৰ এজন নেতাই কয় যে ২০১৬ চনৰ পৰা যোৱা ৮ বছৰত এখনো জাননী গ্ৰহণ কৰা হোৱা নাই।