শুকুৰবাৰে বিয়লি ২ বাজি ৩০ মিনিটত পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণি (Kheroni) আৰক্ষী থানৰ অন্তৰ্গত খেৰণি দিখ্ৰেং গাওঁত পুখুৰীত (In Pond) গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি (Two teenagers die) ঘটে। শিশু দুগৰাকীক তৎক্ষণিক খেৰণি চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’য় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
নিহত দুই কিশোৰ হল ক্ৰমেঃ কাৰ্বি আংলং জিলাৰ জেষ্ঠ সাংবাদিক তথা পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা প্ৰেছ ক্লাবৰ কোক্ষাধ্যক্ষ সমিতিৰ মুখ্য আহ্বায়ক বীৰেণ ছিং ইংহিৰ ১২ বছৰীয়া পুত্ৰ বিৰ্ণে ইংহি আৰু ভীষ্ম ৰংহাঙৰ ১০ বছৰীয়া পুত্ৰ উইলিয়াম ৰংহাং ৷ এই অকাল মৃত্যুত বৃহৎ খেৰণি অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ইতিম্যধে দুয়োকে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷