ষ্টাফ ৰিপ’ৰ্টাৰ:
সোণাৰি চাপৰিত অঘটন ৷ এটি ১৫ বছৰীয়া কিশোৰৰ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটনাক লৈ সোণাৰি চাপৰিত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
প্ৰাপ্ত খবৰ অনুসৰি ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত বাঢৈচলা গাওঁৰ হোমেন খনিকৰ আৰু অমিয়া খনিকৰৰ পুত্ৰ তথা কেকুঁঁৰি ট্ৰাইবেল হাইস্কুলৰ সুপ্ৰতিম খনিকৰ ( ১৫ ) নামৰ কালিৰে পৰাই নিৰুদ্দেশ হৈ থকা অষ্টম শ্ৰেণীৰ ছাত্ৰ জনৰ মৃতদেহ আজি পুুুুৱা ৯.৫৫ বজাত উদ্ধাৰ কৰা হৈছে ৷
ঘটনাৰ বিবৰণী মতে উক্ত কিশোৰটিয়ে নিজ ককায়েকৰ লগত ১১ অক্টটোবৰৰ দুপৰীয়া মাছ ধৰা জাল চাবলৈ যায় আৰু ককায়েকক পঠিয়াই নিজে এটা পুখুৰীত নামি গা ধোৱে ৷ ককায়েকে কিছু দূৰলৈ আহি ভায়েকলৈ অপেক্ষা কৰাত ভায়েকক দেখা নাপাই পিছত ককায়েকে আহি পুনৰ পুখুৰীৰ পাৰলৈ ঘুৰি যায় যদিও ভায়েকক নেদেখি কিছু দুৰত ধান দাই থকা মাকৰ ওচৰলৈ গ’ল বুলি ঘুৰি আহি ঘৰত মাকক দেখি আতংকিত হয় ৷
ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগেই পৰিয়ালৰ ল’গতে গাওঁৰ ৰাইজেও বহু বিছাৰ খুছাৰ কৰিও কিশোৰটিৰ কোনো সম্ভেদ নাপায় আৰক্ষীক খবৰ দিয়াত সন্ধিয়া সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনাৰ এছডিআৰএফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও ৰাতি উদ্ধাৰ অভিযান স্বগিত ৰাখিব লগীয়া হয় ৷
আনহাতে আজি পুৱা ৭ মান বজাৰ পৰাই এছডিআৰএফ বাহিনীৰে প্ৰায় দুঘণ্টাৰো অধিক সময় পুখুৰীটোত অনুসন্ধান চলাই বিফল হোৱাত চাৰিজন স্বানীয় লোক অনুসন্ধানত নামি পৰে ৷
স্বানীয় লোক কেইজনে পুখুৰীত নামি কিছুসময় অনুসন্ধান চলোৱাৰ পিছত কেইডালমান পুখুৰীত পেলাই থোৱা জেং উদ্ধাৰ কৰি পাৰলৈ তুলি অনাৰ পিছতেই মৃত ছাত্ৰ জনৰ মৃতদেহটো পানীত উপঙি উঠাত এক অৱননীয় পৰিবেশ সৃষ্টি হয় ৷ ছাত্ৰজনৰ মৃতদেহটো পানীৰ পৰা তুলি অনাৰ পিছত এক শোকাকুল পৰিবেশ বিৰাজ কৰে ৷ ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হয় ৷