ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ (Hemant Suren) জামিন আবেদন মঞ্জুৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্তক যোৱা ৩১ জানুৱাৰীত ঝাৰখণ্ডত ভূমি দুৰ্নীতিৰ সৈতে জড়িত অবৈধ বিত্তীয় লেনদেনৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল।
![Bail to Hemant Soren I ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ জামিন মঞ্জুৰ 3 Bail to Hemant Soren I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240628_150625.jpg?resize=548%2C308&ssl=1)
১৩ মে’ত ‘অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন’ৰ (পিএমএলএ) সন্দৰ্ভত ৰাঁচীৰ বিশেষ আদালতে হেমন্তৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনায়। কাৰাগাৰত থকা হেমন্ত অৱশেষত প্ৰায় পাঁচ মাহৰ পিছত জামিনত মুকলি হ’বলৈ ওলাইছে।
আনহাতে, গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পূৰ্বে হেমন্তই ইডিৰ গ্ৰেপ্তাৰক ‘অবৈধ’ বুলি অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আপীল কৰিছিল। কিন্তু তেওঁৰ অধিবক্তাই ২২ মে’ত গোচৰটো প্ৰত্যাহাৰ কৰে।
ইফালে চোৰেনে এই গ্ৰেপ্তাৰক লৈ দুটা পৃথক গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। এটা আছিল গ্ৰেপ্তাৰৰ বিৰুদ্ধে, আনটো আছিল জামিনৰ আবেদন।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। আনহাতে, সূত্ৰ অনুসৰি অৰবিন্দ কেজৰিৱালৰ দৰেই হেমন্তৰ জামিনৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে তদন্তকাৰী সংস্থা ইডিয়ে। অধিবক্তাৰ এটা অংশৰ মতে, উচ্চতম ন্যায়ালয়ে আবেদনৰ উত্তৰ দিলে তেওঁৰ মুক্তিত বাধাৰ সৃষ্টি হ’ব পাৰে।