যাত্ৰীভৰ্তি মিনি বাছে নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰৈ ট্ৰাকত খুন্দা মৰাৰ ফলত কমেও ১৩ জন লোকৰ মৃত্যু হয়। আনহাতে, আহত হয় আন চাৰিজন। শুকুৰবাৰে পুৱা পুনে-বেংগালুৰু (Pune-Bengaluru) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
![Tragic Road Accident I বাছ-ট্ৰাকৰ খুন্দাত নিহত ১৩ তীৰ্থযাত্ৰী 3 Tragic Road Accident I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240628_145945.jpg?resize=688%2C388&ssl=1)
জানিব পৰা মতে, দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় ১১ জন লোকৰ। বাকী দুজনৰ চিকিৎসালয়ত মৃত্যু হয়। হাভেৰী জিলাৰ গুণ্ডেনাহল্লী ক্ৰছিঙত ১৭ জন যাত্ৰী কঢ়িয়াই অনা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰে বুলি জানিব পৰা গৈছে। তেতিয়া সময় প্ৰায় ৩.৪৫ মান বাজিছিল। জানিব পৰা মতে, আটাইকেইগৰাকী যাত্ৰী শিৱমোগাৰ বাসিন্দা।
তীৰ্থযাত্ৰাৰ পৰা ঘৰলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ অনুমান অনুসৰি, বাছচালকজনৰ টোপনি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।