মুম্বাইৰ সমীপৰ লোনাৱালা জলপ্ৰপাত (Lonavala Waterfall) পৰিদৰ্শন কৰিবলৈ যোৱা একেটা পৰিয়ালৰ ৭ জন সদস্যক সোঁতে উটুৱাই লৈ যায়। তাৰ ভিতৰত মহিলা আৰু একাধিক শিশুও আছে। উদ্ধাৰ হৈছে তিনিটা মৃতদেহ। এতিয়াও সন্ধানহীন হৈ আছে দুজন। এই ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। এই দৃশ্য দেখি সকলো হতবাক হৈ পৰিছে।
![Lonavala waterfall tragic incident I জলপ্ৰপাতৰ সোঁতে উটুৱাই নিলে এটা পৰিয়ালক, মুম্বাইৰ ওচৰত ভয়ংকৰ ঘটনাত নিহত ৭ 3 Lonavala waterfall tragic incident I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240701_114508.jpg?resize=400%2C224&ssl=1)
মুম্বাইৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লোনাভালা এখন জনপ্ৰিয় পৰ্যটনস্থলী। তালৈকে পৰিয়ালটোৱে ছুটিৰ দিনত ফুৰিবলৈ গৈছিল। এগৰাকী মহিলা আৰু এজন পুৰুষৰ বাহিৰে বাকী সকলো শিশু বা কিশোৰ আছিল। ভাইৰেল ভিডিঅ’টোত জলপ্ৰপাতটোৰ প্ৰচণ্ড সোঁতৰ মাজত ৭ জন লোকে অসহায় অৱস্থাত থকা দেখা যায়।
ইজনে সিজনক ধৰি ৰাখিছে, প্ৰাণৰ ভয়ত চিৎকাৰ কৰিছে। চাৰিওফালে পানীৰ সোঁত। জলপ্ৰপাতটোৰ মাজত থকা সৰু শিলৰ টুকুৰা এটাত কেনেবাকৈ সাতজন মানুহ থিয় হৈ আছিল। কিন্তু চৌপাশৰ আন পৰ্যটকে চেষ্টা কৰিও সহায় কৰিব নোৱাৰিলে। কাৰণ সেই পানীৰ ওচৰলৈ গ’লে তেওঁলোকৰ জীৱনৰ প্ৰতিও শংকাৰ সৃষ্টি হ’লহেঁতেন।
https://x.com/ItsKhan_Saba/status/1807531352457408991
এনে পৰিস্থিতিত তেওঁলোকে আৰু শিলৰ ওপৰত বেছি সময় থিয় হৈ থাকিব নোৱাৰিলে। পিছত জানিব পৰা মতে দুজনে সাঁতুৰি পাৰলৈ যাবলৈ সক্ষম হয়। পিছত আৰু তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুজনক এতিয়াও বিচাৰি পোৱা হোৱা নাই।
উল্লেখযোগ্য যে ছুটিৰ দিনত লোনাৱালা জলপ্ৰপাতলৈ বহু পৰ্যটক আহে। কিন্তু বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতটোৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে যেতিয়া পৰিয়ালটোৱে পানীৰ মাজত এটা শিলৰ ওপৰত থিয় হৈছিল তেতিয়া পানী কম আছিল। হঠাৎ পানী বাঢ়িবলৈ ধৰে আৰু পানীয়ে প্ৰচণ্ড সোঁতত শিলটোৰ চাৰিওফালে বৈ যাবলৈ ধৰিলে। ফলত তেওঁলোক তাতেই আবদ্ধ হৈ পৰে।
আনহাতে, তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ যায় আৰক্ষী। পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, পৰিয়ালটোৰ সাতজন সদস্যক পানীয়ে উটুৱাই লৈ যায় আৰু তলৰ পানীত পৰি যায়। দুজনে কোনোমতে ওপৰলৈ আহিবলৈ সক্ষম হ’ল যদিও বাকীসকলৰ বাবে সেয়া সম্ভৱ নহ’ল। এই ঘটনাই লোনাৱালাৰ পৰ্যটকৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।