বিহাৰৰ এদল শিক্ষকক ধমক উচ্চতম ন্যায়ালয়ৰ (Supreme Court)। আদালতে তেওঁলোকৰ শিক্ষাগত অৰ্হতাক লৈও প্ৰশ্ন উত্থাপন কৰে। শেহতীয়াকৈ বিহাৰ চৰকাৰৰ এক নিৰ্দেশৰ বিৰুদ্ধে আদালতলৈ গৈছিল শিক্ষকসকল। শেহতীয়াকৈ বিহাৰ চৰকাৰে ৰাজ্য চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ যোগ্যতা নিশ্চিত কৰাৰ বাবে পৰীক্ষা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
পঞ্চায়ত পৰ্যায়ৰ শিক্ষকসকলে পৰীক্ষাৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
কিন্তু শিক্ষকসকলৰ এই আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে। লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নেয়ে তেওঁলোকৰ আবেদন সন্দৰ্ভত এক কঠোৰ মন্তব্য কৰে। আনহাতে, বিহাৰ চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত নকৰাৰ কথা ভবাৰ বাবেও শিক্ষকসকলক সমালোচনা কৰে।
ন্যায়াধীশৰ মন্তব্য, “এইখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ মান এইটোৱেই নেকি? স্নাতকোত্তৰ ডিগ্ৰী লৈ চাকৰি পাইছে, কিন্তু ছুটীৰ আবেদনখনো লিখিব পৰা নাই? আৰু যেতিয়া বিহাৰৰ দৰে ৰাজ্যই শিক্ষকৰ যোগ্যতা পৰীক্ষাৰে শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰিছে, ইয়াৰো বিৰোধিতা কৰা হৈছে!” আবেদনকাৰী শিক্ষকসকলক সম্বোধন কৰি ন্যায়াধীশগৰাকীয়ে লগতে কয়, “যদি আপোনালোকে যোগ্যতা পৰীক্ষাৰ সন্মুখীন হ’ব নোৱাৰে, তেন্তে পদত্যাগ কৰক।”
উল্লেখ্য, শিক্ষকসকলৰ হৈ বিহাৰৰ পৰিৱৰ্তনকাৰী প্ৰাথমিক শিক্ষক সন্থাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। এই সন্দৰ্ভত গোচৰটো ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ত উত্থাপন হৈছিল। তাতো নাকচ কৰা হৈছিল শিক্ষকসকলৰ আবেদন। শুকুৰবাৰে উচ্চতম ন্যায়ালয়েও পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰে।
উল্লেখ্য যে বিহাৰ শিক্ষা বিভাগে পঞ্চায়ত পৰ্যায়ত নিযুক্তি পোৱা শিক্ষকসকলক ৰাজ্য চৰকাৰৰ শিক্ষকৰ শাৰীলৈ উন্নীত কৰাৰ বাবে ২০২৩ চনত নতুনকৈ যোগ্যতা পৰীক্ষাৰ কথা ঘোষণা কৰিছিল। উক্ত পৰীক্ষাৰ বিৰোধিতা কৰি বহু লোকে আদালতৰ কাষ চাপে। কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ত এই গোচৰ খাৰিজ কৰা হয়।