সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন। আনহাতে, ২৬ জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত (Speaker of Lok Sabha elected on June 26) হ’ব। মঙলবাৰে প্ৰকাশ পোৱা মতে, এন ডি এ মিত্ৰজোঁটে (NDA Alliance) দ্বিতীয়টো কাৰ্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে ওম বিৰলা (Om Birla)ৰ নামত প্ৰস্তাৱ দিছে। আনহাতে, ইণ্ডিয়া জোঁটৰ (Indi Alliance) পৰা বিৰলাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ সাংসদ কে সুৰেশে (K Suresh)। উল্লেখ্য যে যে স্বাধীন ভাৰতৰ এই শীৰ্ষ সংসদীয় পদটোৰ বাবে এইটোৱেই হ’ব প্ৰথম নিৰ্বাচন। লোকসভাৰ অধ্যক্ষ পদৰ দুই প্ৰাৰ্থীৰ বিষয়ে জানো আহক।
ওম বিৰলা : জন্ম ১৯৬২ চনৰ ২৩ নৱেম্বৰত। তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ বহুলাংশে ৰাজস্থান কোটাক কেন্দ্ৰ কৰি। ১৯৮৭-৯১ কোটা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সভাপতি আছিল বিৰলা। ১৯৯১-৯৭ চনলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিও আছিল। ১৯৯৭-২০০৩ চনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পদত অধিষ্ঠিত হয়। কংগ্ৰেছৰ শান্তি ধৰিৱালক ১০,১০১ ভোটত পৰাস্ত কৰি ২০০৩ চনত কোটা দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ওম বিৰলাই নিৰ্বাচনত জয়লাভ কৰিছিল। ২০০৮ চনত ভোটৰ ব্যৱধান বৃদ্ধি কৰি পুনৰ জয়লাভ কৰে। ২০১৩ চনত তৃতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত ৫০,০০০ হাজাৰৰ ব্যৱধানত জয়ী হয়। ২০০৩-০৮ চনৰ ভিতৰত তেওঁ ৰাজস্থান চৰকাৰৰ সংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত ৰাজস্থানৰ কোটাৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল বিৰলা। একেৰাহে তিনিবাৰ কোটাৰ পৰা সাংসদ হৈছিল তেওঁ। ১৯ জুন, ২০১৯ তাৰিখে ১৭ সংখ্যক লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়। ২০২৪ চনত এন ডি এ চৰকাৰে তেওঁক পুনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব বিচাৰিছে। ওম বিৰলা হৈছে বিগত দুটা দশকৰ ভিতৰত প্ৰথমগৰাকী ব্যক্তি, যাৰ ওপৰত দ্বিতীয়বাৰৰ বাবে শাসকীয় দলে নিজৰ আস্থা ৰাখিছে। ইয়াৰ পূৰ্বে বলৰাম জাখাৰে ১৯৮০-১৯৯০ চনৰ ভিতৰত অধ্যক্ষ পদত বহিছিল, একেৰাহে দহ বছৰ অৰ্থাৎ দুটা সম্পূৰ্ণ লোকসভা কাৰ্যকালৰ বাবে। বুধবাৰে যদি বিৰলা জয়ী হয় তেন্তে তেওঁ জাখাৰৰ অভিলেখ স্পৰ্শ কৰিব।
কে সুৰেশ : সম্পূৰ্ণ নাম কোডিকুনিল সুৰেশৰ ১৯৬২ চনৰ ৪ জুনত জন্ম। কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি। লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ মুখ্য হুইপ। সুৰেশ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক আছিল আৰু কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰীও আছিল। ১৯৮৯ চনত আদুৰৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হৈছিল। ১৯৯১, ১৯৯৬, ১৯৯৯ চনৰ নিৰ্বাচনত তেওঁ একেৰাহে জয়লাভ কৰে। ১৯৯৮ আৰু ২০০৪ চনৰ নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল। ২০০৯ চনত তেওঁ মাভেলীকাৰাৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ৫০ হাজাৰৰ ব্যৱধানত জয়লাভ কৰে। এইগৰাকী কংগ্ৰেছ নেতাই ২০১৪, ২০১৯ আৰু ২০২৪ চনৰ নিৰ্বাচনত একেটা সমষ্টিৰ পৰাই জয়লাভ কৰে। কেৰালাৰ এইগৰাকী কংগ্ৰেছ নেতা বিগত ৭টা কাৰ্যকালত ২৯ বছৰ ধৰি সংসদত আছে। বৰ্তমান তেওঁ লোকসভাৰ আটাইতকৈ দীৰ্ঘদিনীয়া সদস্য।