জলমগ্ন (Submerged) বোকাখাতৰ ২৫ নম্বৰ অঞ্চল (Area no. 25 of Bokakhat)। বোকাখাতৰ ৰজাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰজাবাৰী চাৰিআলিৰ পৰা ২০০ মিটাৰ দক্ষিণলৈ অৱস্থিত ২৫ নম্বৰ অঞ্চল। আজি এজাক বৰষুণৰ পাছতেই ৰজাবাৰীৰ ২৫ নম্বৰ অঞ্চল হৈ পৰিছে জলমগ্ন। পথৰ ওপৰত আঠুৱনীয়া পানী। কেইবাঘৰো লোকৰ বাসগৃহ, টয়লেট আদি ডুব গ’ল পানীত। অঞ্চলটোত এতিয়া জলবন্দী ৰাইজ (Water-logged people)।
আজি দুপৰীয়াৰ এজাক বৰষুণৰ পাছতেই যাতায়ত ৰুদ্ধ হৈ পৰিছে। এয়া কিন্তু আজিৰ সমস্যা নহয়। বিগত পঞ্চায়তৰ আৰম্ভণিৰ পৰা পাঁচ বছৰীয়া কাৰ্যকাল শেষ হোৱালৈকে স্থানীয় লোকে বাৰম্বাৰ অনুনয় বিনয় কৰিও কোনো সুফল নাপালে। জানিব পৰা মতে স্বাভাৱিকভাৱে পানী ওলাই যোৱা নলা কোনো লোকে বন্ধ কৰি থোৱাৰ বাবেই এনে বিপৰ্যয় ঘটিবলৈ পাইছে। বৰ্তমান পঞ্চায়তৰ দায়িত্বত থকা বিভাগীয় কৰ্মচাৰী, খণ্ড উন্নয়ন বিষয়াৰ তৎকালীন হস্তক্ষেপ বিচাৰিছে ৰাইজে। ৰাইজে বোকাখাতৰ বিধায়কৰো হস্তক্ষেপ বিচাৰিছে।