অসমৰ সাহিত্য জগতলৈ সুখবৰ। চাৰিগৰাকীকৈ অসমীয়া সাহিত্যিকে এইবাৰ লাভ কৰিছে সাহিত্য অকাদেমি বঁটা (Sahitya Akademi Award)। তাৰে দুগৰাকীয়ে অসমীয়া (Two assamese) আৰু দুগৰাকীয়ে বড়ো ভাষা (Two Bodo)ৰ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ (Award for literary works) কৰে।
২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা লাভ কৰিছে অসমৰ যশস্বী সাহিত্যিক, গল্পকাৰ তথা ঔপন্যাসিক ৰঞ্জু হাজৰিকাই। তেওঁৰ ‘বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে এই বঁটা লাভ কৰে।
আনহাতে, ‘কুহুমা বইনিবৌ’ বড়ো কাব্যগ্ৰন্থৰ বাবে ভাৰ্জিন জেকোভা মৗসাহাৰীয়ে শিশু সাহিত্য বঁটা লাভ কৰে।
ইয়াৰ উপৰি নয়নজ্যোতি শৰ্মাই তেওঁৰ ‘জাল কটা জুই’ আৰু ছেল্ফ মেড ৰাণী বড়োৱে ‘চাইখলুম’ গ্ৰন্থৰ বাবে অকাদেমিৰ যুৱ সাহিত্য বঁটা লাভ কৰে।