
অজন্তা তালুকদাৰ :
বোকাখাত : ৰাজ্যখনত যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত অসম বিধানসভাৰ নিৰ্বাচন (Assam Legislative Assembly election 2026) ২০২৬ ৰ আজিৰ ভোট গণনাত অন্ত পৰিল বহু উৎকণ্ঠা আৰু ৰাজনৈতিক জল্পনা-কল্পনাৰ। ১০৫ নং অসম বিধানসভা সমষ্টি (105 No. Assam Legislative Assembly Constituency)ৰ পৰা তৃতীয় বাৰৰ বাবে নিৰ্বাচিত (Elected for the third time) হ’ল পূৰ্বৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora)। আজি ঘোষিত ফলাফল অনুসৰি অতুল বৰাই বিৰোধী ঐক্যৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াক ৬০,৫৩৭ টা ভোটত পৰাজিত কৰি বিজয়ী হয়। বোকাখাত বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত মিত্ৰজোঁটৰ অতুল বৰা, বিৰোধী ঐক্যৰ হৰিপ্ৰসাদ শইকীয়াৰ লগতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ক্ৰমে নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে জিতেন গগৈ, বিবেকানন্দ ৰাজোৱাৰ, প্রণৱ দলে আৰু হেমন্ত দলৈয়ে।

বোকাখাত সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৬৪৮ আৰু ১১ টা নগৰ, ২০১ গ্রামীণ ভোট কেন্দ্ৰক ধৰি বোকাখাত সমষ্টিৰ মুঠ ভোট কেন্দ্ৰ ২১২ টা। সাম্প্ৰতিক নিৰ্বাচনত অতুল বৰাই ৮০, ৯৮৭ টা ভোট লাভ কৰাৰ লগতে হৰিপ্ৰসাদ শইকীয়াই ২০,৪৫০, প্ৰনৱ দলেই ১৪,২৫০, প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ১৩,২৩১, বিবেকানন্দ ৰাজাৱাৰে ২,৮৮২ টা ভোট লাভ কৰাৰ লগতে হেমন্ত দলেই লাভ কৰে মাথো ১,১৩০ টা ভোট। ফলাফল ঘোষণাৰ পাছত সাংবাদিকৰ আগত আনন্দ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ ফলশ্ৰুতিত হৈছে এই অভূতপূৰ্ব নিৰ্বাচনী ফলাফল। জাতীয় পৰিষদৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰাই কয় যে ৮৬০ গৰাকী ব্যক্তি যিটো দলৰ চৰকাৰৰ দিনত শ্বহীদ হ’ল সেইটো দলৰ লগত চামিল হৈ জাতীয়তাবাদৰ কথা ক’লে ৰাইজে বিশ্বাসত নলয়। আজি বিজয়ৰ আনুষ্ঠানিক পত্ৰ গ্ৰহণ কৰে অতুল বৰাই।












