কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National park) আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কঁহৰা বনাঞ্চলৰ দাঁতি-কাষৰীয়া গাঁৱত এতিয়া এটা ঢেকীয়াপতীয়া বাঘৰ প্ৰচণ্ড আতংকত ভুগিছে ৰাইজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ডিফলু পথাৰ ডেৰগঁঞা পাম গাঁৱত এডৰা হাবিত এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘে আশ্ৰয় লৈ আছিল।
![কাজিৰঙাৰ দাঁতি-কাষৰীয়া গাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক: অঞ্চলটোত বোকাখাত মহকুমা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি: 3 ঢেকীয়াপতীয়া বাঘৰ আতংক:](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240612_181733.jpg?resize=650%2C500&ssl=1)
অঞ্চলটোৰ ডিফলুপথাৰ, জাপৰিপথাৰ, শুকানী গাঁৱত বিগত বহুদিন ধৰি উপদ্ৰৱ চলাই আহিছিল প্ৰকাণ্ড বাঘটোৱে। মঙলবাৰে এডৰা হাবিত আশ্ৰয় লৈ থকাৰ সময়তে বাঘটো দেখা পায় ৰাইজে। লগে লগে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। বনবিভাগত খবৰ দিয়াত বন বিভাগৰ দল গাঁওখনত উপস্থিত হৈ জে চি বি, দ্ৰোণৰ সহায়ত বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিশে খেদি পথাবলৈ সক্ষম হয়। কিন্তু গাঁও কেইখনত এতিয়াও আতংকময় পৰিৱেশ।
উজাগৰী নিশা পাৰ কৰিছে ৰাইজে। ৰাইজৰ দাবী যে বাঘটো যিকোনো মুহূৰ্তত উভতি আহিব পাৰে। এতিয়া বড়ো ধানৰ বতৰ। কিন্তু ধান পথাৰতে তেনেদৰেই আছে। বাঘৰ আতংকত ৰাইজ ধান কাটিবলৈ পথাৰলৈ যাব পৰা নাই। আনহাতে ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ পৰিষদৰ গাইড লাইনৰ অধীনত বোকাখাত মহকুমা প্ৰশাসনে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে।
কিন্তু সেই মৰ্মে অঞ্চলটোত বন বিভাগ আৰু প্ৰশাসনে ল’ব লগীয়া নিৰাপত্তামূলক ব্যৱস্থা এই পৰ্যন্ত প্ৰযোজ্য হোৱা দেখা নগ’ল। বাঘৰ আতংকত ডুবি থকা গাঁওখনত কোনো এজন ফৰেষ্ট গাৰ্ড আজিও দেখা পোৱা নগ’ল, নাই কোনো আৰক্ষীৰ লোক। বাঘৰ আতংকত ৰাইজ এতিয়া অসহায় হৈ পৰিছে।