অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ (Bhojpuri Students’ Union) গোলাঘাট জিলা সমিতি (Golaghat District Committee)য়ে বোকাখাতৰ তিনিগৰাকী বিশিষ্ট সাংবাদিক আৰু দুই বিশিষ্ট ক্রীড়া সংগঠকলৈ চাৰিটা উল্লেখযোগ্য বঁটাৰ ঘোষণা (Announcement of awards) কৰিছে। বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, লগতে কেইবাখনো গ্ৰন্থৰ লেখক ভৱানন্দ কলিতালৈ “জ্যেষ্ঠ সাংবাদিকতা বঁটা”, যুৱ সাংবাদিকদ্বয় ধৰ্মেশ্বৰ হাজৰিকা আৰু ধ্ৰুৱজ্যোতি সাহালৈ “যুৱ সাংবাদিকতা বঁটা”, ক্রীড়া সংগঠকদ্বয় ক্ৰমে সঞ্জীৱ শইকীয়া আৰু প্ৰাঞ্জল গগৈলৈ আগবঢ়াইছে “ক্ৰীড়া সংগঠক বঁটা”।
অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মণ্টু চাহু আৰু সম্পাদক বিজয় কানু স্বাক্ষৰিত সংগঠনটোৰ দ্বাৰা যোৱা ৮ জুনত প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত উক্ত বঁটাৰ ঘোষণা কৰা হয়। অহা ১৬ জুনত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত সংগঠনটোৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত সংগঠনটোৱে প্ৰদান কৰিব বঁটাসমূহ।
অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা বোকাখাত, কে এন এন বোকাখাত, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত নাট্য মন্দিৰ, ৰূপজ্যোতি সংঘ, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ লগতে বোকাখাতৰ ভালে সংখ্যক দল-সংগঠন, ব্যক্তিয়ে বঁটা ঘোষণাৰ পাছতে প্ৰাপক সকললৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে অখিল ভাৰতীয় ভোজপুৰী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ এই সিদ্ধান্তক আদৰণি জনায়।