
চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু চাৰি মাহ সময় আছে। কিন্তু তাৰ পূৰ্বেই বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ দুই সদস্য ভূপেন্দ্ৰ যাদৱ আৰু অশ্বিনী বৈষ্ণৱক পৰ্যবেক্ষক আৰু সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো (Himanta Biswa Sarma) গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে।

উল্লেখ্য, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব। আনহাতে, ডিচেম্বৰ মাহত ঝাৰখণ্ডত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আয়োগে।
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ বিপ্লৱ দেৱক পৰ্যবেক্ষক আৰু সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ডৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান। তেওঁৰ সহকাৰী হিচাপে থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
উল্লেখযোগ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বহু কেইখন ৰাজ্যত প্ৰচাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। বিশেষকৈ ওৰিশাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে, তেলেংগানাৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক জম্মু-কাশ্মীৰৰ দায়িত্ব প্ৰদান কৰা হৈছে।












