
কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰকাটাৰ বাখিৰীপাৰাৰ পাইকান-তুৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটি হয় এই পথ দুৰ্ঘটনাটি৷ ML-10B-5919 নম্বৰৰ উইগানাৰ বাহন আৰু দুখন ই-ৰিক্সাৰ মাজত সংঘটিত হয় শোকাৱহ ঘটনাটি৷ দুৰ্ঘটনাত ৭ গৰাকী লোক আহত ৷ ইয়াৰ ৫ জনৰ অৱস্থা সংকটজনক ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি। দু্ৰ্ঘটনাত মাতৃ-সন্তানৰ মৃত্যু। গুৱাহাটীলৈ আনি থাকোঁতে এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী মেঘালয়ৰ ৰামিছা এন মাৰাক। দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল কণমানিটিৰ। মৃত মাতৃ-শিশুটিৰ ঘৰ মেঘালয়ৰ বাজেংডোবাৰ দ্বাৰাকোনাত।











