
জুবিন গাৰ্গ নোহোৱাকৈ অসম তথা অসমীয়া জাতিয়ে এটা বছৰ পাৰ কৰিলে। ভাবিলে এনে লাগে যেন জুবিন আছে, ক’ৰবাত লুকাই আছে, এই ওলাই আহিব। কিন্তু বাস্তৱ অতি কঠিন আৰু মৃত্যু চিৰন্তন সত্য।
আজি জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী। জুবিনৰ এই মহাপ্ৰয়াণৰ দিনটোত ৰাজ্যবাসীয়ে স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আজি আলোড়িত হৈছে জুবিনৰ নাম, বন্দিত হৈছে জুবিনৰ প্ৰাণ, অনুৰণিত হৈছে জুবিনৰ গান।
জুবিন অনুৰাগীয়ে আজিৰ এই দিনটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে। সকলো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে মৃত্যু তিথিত জুবিন গাৰ্গক স্মৰণ কৰিছে।

একেদৰে জীৱন গাৰ্গৰ অন্তিম ঠিকনা, চিৰনিদ্ৰাৰ স্থলী সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ হৈছে জুবিন দিৱস। ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা এই জুবিন দিৱসত যোৱা দুটা দিনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি সন্ধিয়া ভাওনা প্ৰদর্শনৰে এই জুবিন দিৱসৰ অন্ত পৰিব।
ইফালে জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, “গানে কি আনে, সুৰৰ সোপানে সোপানে… প্ৰাণৰ শিল্পী, মৰমৰ জুবিন গাৰ্গ আজিও আমাৰ মাজতে আছে। থাকিব অনন্ত কাল— গানত, সুৰত, কণ্ঠত আৰু প্ৰতিজন অসমবাসী-সংগীতপ্ৰেমীৰ হৃদয়ত। তেওঁৰ সৃষ্টিৰ প্ৰতিটো সুৰে আজিও মনত জগাই তোলে অজস্ৰ স্মৃতি। জাতীয় জীৱনৰ চিৰ সেউজ মহান সত্তাক স্মৰণ কৰি হৃদয়েৰে জনালোঁ শ্ৰদ্ধাৰ্ঘ।”













