
আজি জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী। এই উপলক্ষে ৰাজ্যৰ লগতে দেশ তথা বিদেশতো অনুৰাগীসকলে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে, সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ জুবিন দিৱসৰ আয়োজন কৰা হৈছে।
ইফালে জুবিন গাৰ্গৰ মৃত্যু তিথিত বিভিন্ন উল্লেখযোগ্য ব্যক্তি তথা অনুষ্ঠানে তেওঁৰ জীৱন আৰু কৰ্মক স্মৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে বিভিন্ন বিশিষ্ট ব্যক্তিয়ে মৃত্যু দিৱসত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে।
জুবিন গাৰ্গৰ প্ৰথম মৃত্যু দিৱসত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে (Lavlina Borgohain)। ফেচবুকত দিয়া এটা আৱেগিক পোষ্টত জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা লাভলীনা বৰগোহাঁয়ে স্মৰণ কৰিছে।
পোষ্টটোত তেওঁ লিখিছে, “জুবিন দাৰ লগত সকলোৰে বেলেগ বেলেগ ধৰণৰ emotion জড়িত হৈ আছে। জীয়াই থাকোতে হয়তো আমি তেওঁৰ মূল্য আৰু মহত্ব ভালদৰে বুজি নাপালোঁ। কিন্তু যেতিয়া তেওঁ গুচি গ’ল, আমাৰ বাবে এনে এটা দুখ এৰি গ’ল, যিটো কোনোদিন পাহৰিব নোৱাৰিম।”
জুবিন গাৰ্গক স্মৰণ কৰি লিখিছে, “তেওঁৰ কথা ভাবিলেই বুকুখন বিষাই যায়। কেতিয়াবা এনেকুৱা লাগে— যদি কিবা এটা কৰি তেওঁক আকৌ এবাৰ ঘূৰাই আনিব পাৰিলোহেতেন!
আজি এবছৰ হ’ল তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱা। কিন্তু এতিয়াও মনটোৱে মানি ল’ব নিবিচাৰে যে জুবিন দা আমাৰ মাজত নাই।”
জুবিনৰ সান্নিধ্যৰ কথা উল্লেখ কৰি লিখিছে, “২০২১ চনত অলিম্পিক খেলি অহাৰ পাছত গুৱাহাটীৰ SAI Centre-ত প্ৰথমবাৰৰ বাবে জুবিন দাক লগ পাইছিলোঁ। সৰ্ব শিক্ষা অভিযানৰ বাবে এটা ভিডিঅ’ shooting হৈছিল। গানটো জুবিন দাই গাইছিল আৰু তাত মোৰ প্ৰশিক্ষণ আদিৰ কাহিনীটো লৈ shoot কৰা হৈছিল। সেই সময়ত হয়তো ভাবিবও পৰা নাছিলোঁ যে এদিন এই সৰু সাক্ষাৎটো মোৰ বাবে ইমান ডাঙৰ আৰু মূল্যৱান স্মৃতি হৈ পৰিব।”
তেওঁ লগতে লিখিছে, “গৰিমা বৌও সেইদিনা লগত আছিল। মই জুবিন দাৰ ফোন নম্বৰটোও লৈ আনিছিলো। তাৰ পাছত বহুবাৰ ফোনত দাদাৰ লগত কথা পাতিছিলো।”

জুবিন গাৰ্গৰ প্ৰসংগত তেওঁ আৰু লিখিছে, “এবাৰ দাদা ইউ এছ এত আছিল। এদিন ৰাতি প্ৰায় ১২ বজাত ভাৰতীয় সময়ত মোক ফোন কৰিছিল। ভাৰত আৰু আমেৰিকাৰ মাজত সময়ৰ বহুত পাৰ্থক্য আছিল। মই তেতিয়া টোপনিত আছিলো, তথাপিও ফোনটো উঠালোঁ।দাদাই তেতিয়া কোনোবা দুজন সৰু ভতিজা-ভতিজীৰ লগত মোক কথা পতাই দিছিল। সিহঁতে মোক কৈছিল যে সিহঁত মোৰ বহুত ডাঙৰ ফেন। সেই মুহূৰ্তটো এতিয়াও মনত আছে।”
জুবিনৰ স্মৃতি ৰোমন্থন কৰি ভাব গধুৰ হৈ লাভলীনাই লিখিছে, “মই সদায় দাদাক লগ পোৱাৰ কথা কৈছিলো। ভাবিছিলো, আকৌ কেতিয়াবা লগ পাম, আকৌ কথা পাতিম। কিন্তু জীৱনে যে এনেকৈ এটা স্মৃতি কৰি থৈ যাব, সেইটো কেতিয়াও ভাবা নাছিলো।এতিয়া সেই ফোনকলবোৰ, সেই কথাবোৰ, সেই সৰু সৰু মুহূৰ্তবোৰেই বহুত ডাঙৰ স্মৃতি হৈ ৰৈ গৈছে।”
জন্মদিনৰ প্ৰসংগ উল্লেখ কৰি লিখিছে, “২০২৩ চনৰ ১৮ নৱেম্বৰ। দাদাৰ বাৰ্থডে আছিল। মই তেতিয়া পাতিয়ালাত প্ৰশিক্ষণ লৈ আছিলো। মই মেছেজযোগে দাদাক birthday wishes কৰিছিলো। দাদাই ৰিপ্লাই কৰিছিল, কিন্তু তেওঁৰ সেই ৰিপ্লাইটো প্ৰথমতে মই একেবাৰেই ভালদৰে বুজি পোৱা নাছিলো। তেওঁ লিখিছে— “I need u, I m emotional to u sis
To * th be world
U can get
Th world”
প্ৰথমতে মই ভাবি আছিলো, দাদাই আচলতে কি ক’ব বিচাৰিছে!
কিন্তু পাছত লাহে লাহে বুজি পালো— দাদাই মোক ক’ব বিচাৰিছিল যে মই যেন নিজৰ জীৱনত ডাঙৰকৈ আগবাঢ়ো, নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখো। তেওঁ সদায় কৈছিল, অসম আৰু অসমৰ মানুহৰ কাৰণে কিবা এটা কৰিব লাগে।”
তেওঁ লগতে কয়, “মোক যেন বুজাব বিচাৰিছিল— ‘তুমি বিচাৰিলে গোটেই পৃথিৱীখন পাব পাৰিবা।’ দাদাই মোক আৰু এটা কথা সদায় কৈছিল—নিজৰ টকা-পইচা ভালদৰে জমা কৰি ৰাখিবি, নহ’লে পাছত বহুত পস্তাবি।”
লগতে লিখিছে, “এতিয়া ভাবিলে বুজি পাওঁ, দাদাই নিজৰ গোটেই জীৱনটো আনৰ কাৰণেই দি গ’ল। যিমান পাইছিল, তাতকৈ বেছি আনক দি গ’ল।”
আনহাতে, জুবিন গাৰ্গৰ সৈতে লাভলীনাৰ অন্তিম সাক্ষাতৰ কথা উল্লেখ কৰি এনেদৰে লিখিছে :
দাদাৰ সৈতে মোৰ শেষ কথোপকথন
২০২৫ চনৰ ১১ জুন। উলুবাৰীত এখন বক্সিং প্ৰতিযোগিতা আছিল। মই তাত গৈছিলো। দাদাও অহাৰ কথা আছিল।
মই প্ৰায় তিনিঘণ্টামান প্ৰতিযোগিতাত থাকিলো। কিন্তু দাদা অহাত অলপ পলম হ’ল। মই তেওঁক ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু ফোনটো বন্ধ আছিল। সেইদিনা দাদাক লগ পোৱা নহ’ল। পাছত ৰাতি দাদাই মোক মেছেজ কৰিছিল— লগ পোৱা নহ’ল বুলি।
মোৰ একাডেমীৰ কিবা কাম আছিল, সেয়েহে মই যাব লগা হৈছিল। তাৰ পিছদিনাই National Competition-ৰ কাৰণে মই হাৰিয়ানালৈ গুচি গ’লো।
মই দাদাক একাডেমীলৈ অহিবলৈ কৈছিলো। দাদাৰো আহিবলৈ বহুত মন আছিল। তেওঁ কৈছিল— “খেলি আহ এদিন যাম।” কিন্তু সেই “এদিন”টো আৰু কেতিয়াও নাহিল।
প্ৰতিযোগিতা শেষ হোৱাৰ পাছতেই আমাৰ ৰাষ্ট্ৰীয় শিবিৰ আৰম্ভ হ’ল। মই অসমলৈও আহিব নোৱাৰিলো। আৰু দাদাক এবাৰ একাডেমীলৈ লৈ অহাৰ সেই কথাটো, সেই সৰু সপোনটো, মোৰ মনত আজিও তেনেকৈয়ে থাকি গ’ল। কেতিয়াও ভাবা নাছিলো যে ১১ জুনৰ সেই “লগ পোৱা নহ’ল” মেছেজটোৱেই আমাৰ শেষ কথাবোৰৰ মাজৰ এটা হৈ ৰ’ব। কিছুমান মানুহক আমি সময় থাকোতে লগ পাম বুলি ভাবি থাকো…
কিন্তু সময়ে কেতিয়াবা আমাক সেই সুযোগটো আৰু নিদিয়ে।
জুবিন দা, আপোনাৰ লগত আৰু এবাৰ কথা পাতিব পাৰিলোহেঁতেন বুলি মনটোৱে আজিও কয়। আপুনি নাই বুলি এতিয়াও মনটোৱে মানি ল’ব পৰা নাই।
We miss you zubeen da….











