
গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখী কেইবাখনো নৈশত বাছত মেঘালয়ৰ টিক্ৰীকিল্লাত দুৰ্বৃত্তই শিল নিক্ষেপ কৰি আক্ৰমণৰ চেষ্টা চলায়।
প্ৰায় ১০/১২ জনীয়া দুৰ্বৃত্তৰ দলে নিশা আনুমানিক ২বজাত নৈশ বাছত শিল নিক্ষেপ কৰি কেইবাখনো নৈশ বাছৰ সন্মুখৰ গ্লাছ ভাঙি দিয়ে।
জানিবপৰা মতে কেইবাজন চালকে আঘাতপ্ৰাপ্ত হয় যদিও ততাতৈয়াকৈ চালকসকলে দ্ৰুত গতিতগৈ বাছসমুহ মেঘালয়ৰ টিক্ৰীকিল্লা থানাত গৈ আৰক্ষীক অবগত কৰে।
আৰক্ষীয়ে লগে লগেই ঘটনা সংঘটিত কৰা স্থানত যায় যদিও দুৰ্বৃত্তই তাৰ পৰা পলায়ন কৰে। দুৰ্বৃত্তৰ দলটোৱে নৈশ বাছবোৰৰ পৰা ডকাইতি কৰাৰ লক্ষ্যৰে শিল নিক্ষেপ কৰি আক্ৰমণ কৰিছে বুলি যাত্ৰী সকলে সন্দেহ কৰিছে। টিক্ৰীকিল্লা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি প্ৰায় ২ঘন্টামান পিছতহে নৈশ বাছসমুহ টিক্ৰীকিল্লা আৰক্ষীয়ে মানকাচৰলৈ আহিব দিয়ে।











