
অসমত মহিষ সংগ্ৰহ কৰি বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা। শ্ৰীভূমিৰ বদৰপুৰত আৰক্ষীৰ অভিযানত আটক চাৰিজন বাংলাদেশী নাগৰিক। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কাছাৰৰ এজন লোককো আটক কৰিছে আৰক্ষীয়ে।
সোমবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত বদৰপুৰৰ মহাকল গাঁৱত চলিছিল আৰক্ষীৰ বিশেষ অভিযান। শ্ৰীভূমি সীমান্ত আৰক্ষীৰ ডিএছপি মুকুট কাকতি আৰু বদৰপুৰ থানাৰ অ’চি মানস প্ৰতিম বড়োৰ নেতৃত্বত চলোৱা অভিযানত একেলগে আটক কৰা হয় চাৰিজন বাংলাদেশী নাগৰিকক। আটকাধীন লোককেইজন বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ অঞ্চলৰ বাসিন্দা। তেওঁলোক হৈছে—ৰেজাউল কৰিম, ছাব্বিৰ আহমেদ, ৰাচেল আহমেদ আৰু হাছান আহমেদ তাহিম।

ইফালে, এই লোকসকলক সহযোগ কৰাৰ অভিযোগত কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ জগদীশপুৰ গাঁৱৰ ফজল উদ্দিন নামৰ এজন লোককো আটক কৰা হৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰি অসমত মহিষ সংগ্ৰহ কৰাৰ পিছত সেই মহিষ পুনৰ বাংলাদেশলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল বুলি সন্দেহ কৰা হৈছে।
কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন—সীমান্ত পাৰ হৈ এই লোকসকল ভাৰতত প্ৰৱেশ কৰিলে কেনেকৈ? কোন পথেৰে তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল? আৰু এই পৰিকল্পনাৰ আঁৰত কেৱল কেইজনমান লোকেই আছিল নে জড়িত আছে কোনো বৃহৎ চক্ৰ?
এই সকলো দিশ এতিয়া আৰক্ষীৰ তদন্তৰ আওতাত। আটকাধীন লোকসকলক জেৰা কৰি সীমান্ত পাৰাপাৰ, মহিষ সংগ্ৰহৰ পৰিকল্পনা আৰু ঘটনাটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে। শ্ৰীভূমিৰ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে ঘটনাটোৰ আঁৰৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।













