বিহাৰৰ সীতামড়ী লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা জেডিইউৰ প্ৰাৰ্থী দেবেশ চন্দ্ৰ ঠাকুৰৰ (Devesh Chandra Thakur) আচৰিত দাবী। তেওঁ দাবী কৰে যে মুছলমান আৰু যাদৱ সম্প্ৰদায়ৰ ভোটাৰে তেওঁক ভোট দিয়া নাই। এখন সভাত তেওঁ কয়, “মই মুছলমান আৰু যাদৱৰ ভোট নাপালোঁ। গতিকে মই সাংসদ হিচাপে তেওঁলোকৰ কাম নকৰো।” দেবেশ চন্দ্ৰৰ উক্ত মন্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
![JDU leader controversial remark I মুছলমান আৰু যাদৱৰ হৈ মই কাম নকৰো, জেডিইউৰ সাংসদৰ বিতৰ্কিত মন্তব্য 3 JDU leader controversial remark I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240618_120725.jpg?resize=752%2C424&ssl=1)
তাত মুছলমান আৰু যাদৱ ভোটাৰক সম্বোধন কৰি তেওঁ কোৱা শুনা যায়, “আপোনালোক মোৰ ওচৰলৈ আহিব পাৰে। চাহ, জলপান খাব পাৰে। কিন্তু কোনো সহায়ৰ আশা নকৰিব। যদি আপুনি নৰেন্দ্ৰ মোডীৰ ‘তীৰ’ (জেডিইউৰ নিৰ্বাচনী প্ৰতীক) ছবিখন দেখিছে, তেন্তে মই আপোনালোকৰ মাজত ‘লেম্প’ (আৰজেডিৰ নিৰ্বাচনী প্ৰতীক) আৰু লালুপ্ৰসাদৰ মুখখন কিয় দেখা নাপাওঁ।”
ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰ সাংসদগৰাকীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিৰোধীয়ে।
উল্লেখযোগ্য যে ‘নিতীশৰ ঘনিষ্ঠ চক্ৰৰ নেতা’ হিচাপে পৰিচিত দেবেশ চন্দ্ৰ এসময়ত বিহাৰ বিধান পৰিষদৰ অধ্যক্ষ আছিল। তেওঁ নীতিশৰ কেবিনেটৰ সদস্যও আছিল। এইবাৰ লোকসভা নিৰ্বাচনত তেওঁ জয়লাভ কৰিছে। সীতামড়ী সমষ্টিত ৰাজপুত নেতা দেবেশ চন্দ্ৰই আৰজেডিৰ প্ৰাৰ্থী তথা যাদৱ সম্প্ৰদায়ৰ নেতা অৰ্জুন ৰায়ক প্ৰায় ৫১ হাজাৰ ভোটত পৰাস্ত কৰে।