শাহুৱেকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ মান্তি নোহোৱাৰ বাবে গৃহিণীক ব্লেডেৰে আক্ৰমণ। এই অভিযোগ উত্তৰ প্ৰদেশৰ (Uttar pradesh) আগ্ৰা চহৰত। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ চহৰখনতে উত্তেজনা বিয়পি পৰিছে।
![শাহুৱেকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা, সন্মতি নিদিয়াত আক্ৰমণ 3 শাহুৱেকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা, সন্মতি নিদিয়াত আক্ৰমণ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240626_212921.jpg?resize=1012%2C672&ssl=1)
অভিযোগ অনুসৰি, গৃহিণীগৰাকীক স্বামী আৰু শহুৰেকৰ ঘৰৰ মানুহে শাহুৱেকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰায়। কিন্তু তেওঁ সন্মতি নিদিয়াৰ বাবে তেওঁক আক্ৰমণ কৰে।
সংবাদ মাধ্যমৰ প্রতিবেদনত এই কথা জানিব পাৰি আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাৰ গোচৰ ৰুজু কৰা বুলি প্রকাশ কৰিছে৷ আৰক্ষীৰ সূত্ৰ অনুসৰি, নিৰ্যাতিত গৃহিণীগৰাকীয়ে ২০২২ চনত গাজীপুৰ জিলাৰ আলোক উপাধ্যায়ৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ পিছতে তেওঁ নিৰ্যাতনৰ বলি হ’বলৈ ধৰে।
মহিলাগৰাকীয়ে অভিযোগ কৰে যে শাহুৱেকে তেওঁক ‘শাৰীৰিক সম্পৰ্ক’ৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। অভিযোগ অনুসৰি, তেওঁ মান্তি নোহোৱাৰ বাবে ব্লেডেৰে আক্ৰমণ কৰিছিল।
গৃহিণীগৰাকীয়ে লগতে অভিযোগ কৰে যে শাহুৱেকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে এমাহ ধৰি এযোৰ কাপোৰেই পিন্ধি থাকিবলৈ বাধ্য কৰাইছিল।
তেওঁক এটা কোঠাত আবদ্ধ কৰিও ৰখা হৈছিল। ২০২৩ চনত সন্তান জন্ম হোৱাৰ পিছত নিৰ্যাতন আৰু বৃদ্ধি পোৱা বুলি দাবী কৰে মহিলাগৰাকীয়ে। মাৰপিট কৰি ঘৰৰ পৰা খেদি পঠিওৱা হয়। ইয়াৰ পিছত পুনৰ শহুৰেকৰ ঘৰলৈ লৈ যোৱা হয় আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়।
ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।