প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) আগন্তুক জুলাই মাহত অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। বিগত ৪০ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰা নাই।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২৩ বছৰৰ ব্যৱধানৰ অন্তত ২০২৪ চনৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিল। তাৰ পিছত এইবাৰ মোডীয়ে জুলাইত অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
তাৰ পূৰ্বে মোডীয়ে ৰাছিয়ালৈ যোৱাৰ কথা আছে। অৱশ্যে এই ভ্ৰমণৰ বিষয়ে এতিয়ালৈকে একো নিশ্চিত কৰা হোৱা নাই। যুদ্ধৰ পৰিৱেশৰ মাজত মোডী ৰাছিয়ালৈ যাবনে নাই সেয়াও স্পষ্ট নহয়। কিন্তু আন্তৰ্জাতিক সংবাদ মাধ্যমে দাবী কৰিছে যে মোডীয়ে জুলাইৰ দ্বিতীয় সপ্তাহত অষ্ট্ৰিয়াত ভৰি দিব। দেশখনৰ ৰাজধানী ভিয়েনালৈ যাব।