ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

News Desk by News Desk
November 13, 2026
Reading Time: 1 min read
A A
0
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

RELATED POSTS

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

চুবুৰীয়াই দিয়া ৰসগোল্লাক কামোৰ দিয়াৰ লগে লগে মুখতে বিস্ফোৰণ (Rasgolla blast)। ৰসগোল্লাৰ ভিতৰত ভৰাই থোৱা আছিল বনগাহৰি মাৰিবৰ বাবে বনোৱা দেশী বোমা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ নিয়াৰ কিছু ঘণ্টাৰ পিছত মৃত্যু হয় এজন ৩৫ বছৰীয়া যুৱকৰ। মধ্যপ্ৰদেশৰ ডিণ্ডাউৰী জিলাত সংঘটিত এই ঘটনাৰ মূল অভিযুক্ত চুবুৰীয়াক আ ৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তই মিঠাইৰ ভিতৰত ঘৰতে বনোৱা বিস্ফোৰকটো লুকুৱাই ৰাখিছিল।

Rasgolla blast I
ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু:

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত যুৱকজনৰ নাম ৰাজেন্দ্ৰ বৰাউটিয়া (৩৫)। যোৱা মঙলবাৰে নিশা প্ৰায় ৮ বজাত ডিণ্ডাউৰী কোটিয়ালী থানাৰ অন্তৰ্গত পোৰিয়া চন্তা গাঁৱত সংঘটিত হয় এই ঘটনা। নিশাৰ আহাৰ খোৱাৰ পিছত ৰাজেন্দ্ৰই নিজৰ ঘৰৰ চোতালত বহি জুই জ্বলাই ঘৰৰ মানুহৰ লগত জুই পুৱাই আছিল। সেই সময়ত তেওঁলোকৰ চুবুৰীৰ বাসিন্দা ৰামভগত বৰাউটিয়াই তালৈ আহি ৰাজেন্দ্ৰৰ কাষত বহি কথা পাতিবলৈ ধৰে। নাগপুৰত ডিণ্ডাউৰী কোটৱালি আৰক্ষী থানাৰ পৰিদৰ্শক দুৰ্গা প্ৰসাদে কয় যে কথা পাতি থাকোঁতে ৰামভগতে বোমা ভৰাই থোৱা ৰসগোল্লাটো ৰাজেন্দ্ৰক দিয়ে। তেওঁ কয়, “ৰাজেন্দ্ৰই তাত কামোৰাৰ লগে লগে মুখৰ ভিতৰত বিস্ফোৰণ ঘটে। আচলতে সেইটো গাহৰি মাৰিবৰ কাৰণে বনোৱা বোমা আছিল।”

এই বিস্ফোৰণত ৰাজেন্দ্ৰৰ মুখ আৰু মুখমণ্ডল যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ৰক্তাক্ত অৱস্থাত তেওঁৰ পৰিয়ালৰ লোকে এখন অটোত চিকিৎসালয়লৈ লৈ যায়। তাৰ কিছু ঘণ্টাৰ পিছত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে বনৰীয়া গাহৰি চিকাৰ কৰিবলৈ বহুতে এনে থলুৱা বোমা ব্যৱহাৰ কৰে। মূলতঃ এই বিস্ফোৰক সংস্পৰ্শ বা চাপত বিস্ফোৰণ ঘটে আৰু আনকি মৃত্যুও হ’ব পাৰে। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৰামভগতৰ বিৰুদ্ধে বিএনএছৰ ১০৫ নং ধাৰা (অনিচ্ছাকৃতভাৱে মৃত্যু ঘটোৱা, যিটো হত্যাৰ সমান নহয়) আৰু বিস্ফোৰক পদাৰ্থ আইনৰ ৩ আৰু ৪ নং ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। যুৱকজনক কি উদ্দেশ্যত বিস্ফোৰক খুৱাইছিল আৰু অভিযুক্তই এই বোমাটো ক’ৰ পৰা পাইছিল, তদন্তকাৰীয়ে এই বিস্ফোৰক ক্ৰয় বা যোগানৰ ক্ষেত্ৰত আৰু কোনো লোক জড়িত আছে নেকি সেই বিষয়েও তদন্ত আৰম্ভ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যুৰসগোল্লা বোমা! মুখত ভৰোৱাৰ
Share4Tweet3Send

Related Posts

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

by News Desk
November 13, 2026
50
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে
National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

by News Desk
November 13, 2026
50
ADVERTISEMENT
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d