
ঝাৰখণ্ডৰ ছিমডেগাত কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে এগৰাকী জনজাতীয় কিশোৰীক ধৰ্ষণ (MLA Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাঁচীস্থিত তেওঁৰ চৰকাৰী বাসগৃহত কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ। কেৱল সেয়াই নহয়, ছোৱালীজনীক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ ভাবুকিও দিয়া হৈছিল। এজাহাৰত ৫ আগষ্টত ৰাঁচীত ধৰ্ষণ হোৱা বুলি উল্লেখ কৰিছে।

ধৰ্ষণৰ বাবেই কিশোৰীগৰাকী গৰ্ভৱতী হোৱা বুলিও দাবী কৰিছে। গৰ্ভপাত কৰিবলৈও বাধ্য হৈছিল তেওঁ। চিকিৎসা পৰীক্ষাৰ সময়ত পোহৰলৈ আহে বিষয়টো। যোৱা মে’ মাহত বিধায়কগৰাকীৰ পৰিয়ালে তেওঁক ৰাঁচীলৈ আনিছিল বুলি দাবী কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে। তেওঁক স্কুল এখনত নামভৰ্তি কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল।
কিন্তু স্কুলত ভৰ্তি কৰাৰ পৰিৱৰ্তে তেওঁক কাম কৰা ছোৱালী হিচাপে কাম কৰিবলৈ বাধ্য কৰাইছিল বুলি অভিযোগ উঠিছে। তদুপৰি তেওঁক শাৰীৰিক অত্যাচাৰো কৰা হৈছিল। কাৰোবাৰ আগত মুখ খুলিলে মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। বিধায়কগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধেও নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে।
হাতিয়াৰ উপ-আৰক্ষী অধীক্ষক নীৰজ কুমাৰে কয়, “ছিমডেগাৰৰ বিধায়কগৰাকীৰ বিৰুদ্ধে পস্কো আৰু কিশোৰ ন্যায় আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।” তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে বিধায়কগৰাকীয়ে। তেওঁ এনে অভিযোগক ‘সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ’ বুলি দাবী কৰে।
বিধায়কগৰাকীয়ে লগতে দাবী কৰে যে যিসকলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওঁলোকে এনে ঘটনা ৰচনা কৰি তেওঁক ফচাবলৈ চেষ্টা কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী তীব্ৰতৰ হৈ পৰিছে।
এই ঘটনাক গৰিহণা দি ঝাৰখণ্ড বিজেপিৰ সভাপতি আদিত্য চাহুৱে বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে ভুক্তভোগী কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ দাবী জনায়। ৰাজ্যখনৰ বিজেপিৰ সভাপতিগৰাকীয়ে সকীয়াই দিছে যে যদিহে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা নহয় আৰু ভুক্তভোগীৰ সুৰক্ষা নিশ্চিত নহয় তেন্তে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।












